24 C
Guwahati
Tuesday, September 27, 2022
More

    ভুলতো নিপিন্ধিব এই ৰঙৰ জোতা বা চেণ্ডেল, দুৰ্ভাগ্যই পিছ নেৰা হ’ব পাৰে

    ভুলতো নিপিন্ধিব এই ৰঙৰ জোতা বা চেণ্ডেল, দুৰ্ভাগ্যই পিছ নেৰা হ’ব পাৰে

    আজি কালিৰ দিনত ফেশ্বনৰ নামত বহু লোকেই বহু ধৰণৰ আজৱ গজৱ কাম কৰা দেখা যায়। সেয়া লাগিলে সাজপাৰৰ ক্ষেত্ৰতেই হওক বা জোতা চেণ্ডেলৰ ক্ষেত্ৰতেই হওক।

    তাতে আৰু অধিকাংশই সাজপাৰৰ সৈতে মিলাই জোতা চেণ্ডেল পৰিধান কৰাত অদিক গুৰুত্ব প্ৰদান কৰাও দেখা যায়। পাছে এইদৰে কাপোৰৰ সৈতে জোতাৰ ৰং মিলাই পিন্ধি বহু লোকেই অজানিতেই নিজৰ দুৰ্ভাগ্যক আমন্ত্ৰণ কৰাৰ দৰে হয়।

    কিয়নো জোতা- চেণ্ডেলৰ ক্ষেত্ৰত কিছুমান এনে ৰং আছে যি বোৰ পিন্ধা বৰ এটা ভাল নহয়। ই আপোনাৰ ভাগ্যত দুৰ্ভাগ্যক লৈ আনিব পাৰে। সেয়ে জোতা- চেণ্ডেলৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত সদায়ে বিশেষ মন কৰিব লাগে।

    কেতিয়াও হালধীয়া ৰঙৰ জোতা বা চেণ্ডেল ক্ৰয় নকৰিব বা নিপিন্ধিব। কিয়নো হালধীয়া ৰং টো বৃহস্পতি গ্ৰহৰ ৰং বিচাপে গন্য কৰা হয়। জ্যোতিষ শাস্ত্ৰ মতে হালধীয়া ৰং ভৰিত ধাৰণ কৰিলে কুণ্ডলিত বৃহস্পতি দুৰ্বল হৈ পৰে।

    যাৰ ফলত আপোনাৰ ভাগ্যত দুৰ্ভাগ্যৰ আগমণ ঘটিব পাৰে। পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে, ঘৰৰ সুখ-শান্তি নোহোৱা হব পাৰে। আৰ্থিক ক্ষেত্ৰতো ই প্ৰভাৱ পেলাব পাৰে।

    জোতাৰ ৰঙৰ ক্ষেত্ৰত সেয়ে সদায় ক’লা ৰং, নীলা ৰং, মটীয়া আৰু বগা ৰঙক অগ্ৰাধিকাৰ দিব লাগে। যদিহে ফেশ্বনেবল কিবা পিন্ধিব বিচাৰে তেন্তে ৰঙা ৰঙকো অগ্ৰাধিকাৰ দিব পাৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং