33 C
Guwahati
Tuesday, September 27, 2022
More

    দলবদ্ধ ধৰ্ষণৰ ফলত জন্ম পাইছিল পুত্ৰ সন্তান, সেই সন্তানেই মাতৃক ন্যায় প্ৰদান কৰিলে ২৭ বছৰৰ অন্তত…

    দলবদ্ধ ধৰ্ষণৰ ফলত জন্ম পাইছিল পুত্ৰ সন্তান, সেই সন্তানেই মাতৃক ন্যায় প্ৰদান কৰিলে ২৭ বছৰৰ অন্তত…

    এগৰাকী মাতৃৰ কৰুণ গাঁথা, আজিৰ পৰা ২৭ বছৰ পূৰ্বে বলি হৈছিল দলবদ্ধ ধৰ্ষণৰ। কিন্তু তেতিয়া প্ৰাণৰ ভয়ত, সমাজৰ ককৰ্থনাৰ ভয়ত মনে মনে থাকি গৈছিল সেই তেতিয়াৰই য়ুৱতীগৰাকী। পাছে সেই দলবদ্ধ ধৰ্ষণৰ ফলতেই গৰ্ভৱতী হৈ সময়ত জন্ম দিছিল এটি পুত্ৰ সন্তান।

    যি সন্তানক পাছত এহাল দম্পতিক দি নিজেও এজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পাছ স্বামীয়ে পত্নীৰ দলৱদ্ধ ধৰ্ষণৰ কথা জনাৰ পাছতে ত্যাগ কৰে পত্নীৰ। আনহাতে পুত্ৰইয়ো জনা বুজা হোৱাৰ পাছতে উভতি আহে মাতৃৰ কাষলৈ।

    যেতিয়া জানিব পাৰে মাতৃৰ জীৱনৰ সেই তিতা স্মৃতিৰ বিষয়ে, লগে লগে মাতৃক ধৰ্ষণ কৰোতা দুই পাষণ্ডৰ বিৰুদ্ধে গোচৰৰ বাবে কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে তদন্তৰ অন্তত এজনক গ্ৰেপ্তাৰ কৰিবলৈয়ো সক্ষম হৈছে।

    এই ঘটনা উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ। ১৯৯৪ চনত বায়েকৰ ঘৰত থাকোতে ওচৰৰে দুই যুৱকৰ হাতত ধৰ্ষণৰ বলি হৈছিল মহিলাগৰাকী। কিন্তু প্ৰাণৰ ভয় দেখুৱাই মনে মনে থাকিবলৈ বাধ্য কৰাইছিল মহিলাগৰাকীক।

    পাছত ভিনিয়েকৰ সেই ঠাইৰ পৰা বদলি হোৱাত বায়েকৰ সৈতে মহিলাগৰাকীয়েও সেই ঠাই ত্যাগ কৰে। লগতে ধৰ্ষণৰ ফলত জন্ম হোৱা পুত্ৰ সন্তানকো তুলি দিয়ে এহাল অন্য দম্পতিৰ হাতত।

    বৰ্তমানে পুত্ৰই আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে ডি এন এ পৰীক্ষাৰ সহায়ত এজনক আটক কৰিবলৈ সক্ষম হৈছে। পাছে গোচৰটো আৰক্ষীৰ কাষ চপা বুলি জনাৰ লগে লগে পলায়ন আনটো ধৰ্ষণকাৰীৰ।

    বৰ্তমানে সেইজন ধৰ্ষণকাৰীৰো সন্ধানত নামি পৰিছে আৰক্ষী। লগতে পুত্ৰকো বাঃ বাঃ দিছে বহুজনে। ২৭ বছৰৰ অন্তত হলেও মাতৃক ন্যায় দিয়া বাবে প্ৰসংসাৰ প্ৰাত্ৰ হৈছে পুত্ৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং