25.2 C
Guwahati
Monday, October 18, 2021
More

    Lakme Fashion Weekত সংযুক্তা দত্তৰ শ্ব’ ষ্ট’পাৰ হিচাপে খোজ দিলে দিব্যা খোচলা কুমাৰে

    Lakme Fashion Weekত সংযুক্তা দত্তৰ শ্ব’ ষ্ট’পাৰ হিচাপে খোজ দিলে দিব্যা খোচলা কুমাৰে। বলিউদ সুন্দৰী তথা অভিনেত্ৰী তথা পৰিচালিকা দিব্যা খোচলা কুমাৰে মুম্বাইত অনুষ্ঠিত হোৱা FDCI X Lakme Fashion Weekত শ্ব’ ষ্ট’পাৰ হিচাপে খোজ দিয়ে।

    অসমৰ পৰম্পৰাগত সাজ মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত দেশ তথা ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰ ১০ অক্টোবৰ তাৰিখে মুম্বাইৰ Jio Gardenত অনুষ্ঠিত FDCI X Lakme Fashion Weekত তেখেতৰ নতুন সংগ্ৰহ ‘Chiki-Miki’ প্ৰদৰ্শন কৰে।

    বহু আগশাৰীৰ মডেলে তেওঁ ডিজাইন কৰা বস্ত্ৰ পৰিধান কৰাৰ উপৰিও বলিউদ সুন্দৰী দিব্যা খোচলা কুমাৰক সংযুক্তাৰ নতুন সংগ্ৰহৰ পৰিধানেৰে ৰেম্পত অতি মোহনীয়া আৰু আকৰ্ষনীয় ৰূপত শ্ব’ ষ্ট’পাৰ (Show Stopper) হিচাপে খোজ দিয়া দেখা যায়।

    উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও সংযুক্তা দত্তৰ হৈ ৰেম্পত খোজ দিছে দিব্যা খোচলা কুমাৰে। ইয়াৰ বাহিৰেও বলীউডৰ কেইবাগৰাকী অভিনেত্ৰীয়েও সংযুক্তা দত্তৰ হৈ খোজ দিছে ৰেম্পত।

    আৰু পঢ়ক : ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে ছাই হ’ল বাসগৃহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং