বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট আহিবলগীয়া ছবি ধাকড়ৰ বাবে বিশেষ চৰ্চাত আছে।এই ছবি খন ২০২১ ৰ ১ অক্টোবৰত মুক্তি লাভ কৰিব।
ইয়াৰ মাজতে ছবি খনৰ দিব্যা দত্তাৰ লুক পোহৰলৈ আহিছে। দিব্যা দত্তই এই ছবিখনত ভিলেইনৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰিব। ছবিখনৰ দিব্যাৰ প্ৰথম ফটোত শাৰী পিন্ধি থকা দেখা গৈছে।
দিব্যাই ছবিখনৰ তেওঁৰ প্ৰথম ফটো শ্বেয়াৰ কৰি লিখিছে যে ”এয়া অতি ভয়ানক আৰু আপুনি ভাবিবও নোৱাৰিব যে আৰু কিমান বেছি ভয়ংকৰ হব পাৰে। মই এই ছবি খনত এটা নতুন চৰিত্ৰত অভিনয় কৰিছো। চৰিত্ৰটোৰ নাম ৰোহিনী। ধাকড় ২০২১ চনৰ ১ অক্টোবৰত মুক্তি লাভ কৰিব”।
এই ছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কংগনা ৰাণাৱটে। আহিবলগীয়া এই ছবিত কংগনাই অগ্নিৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰিব।
আৰু পঢ়ক : কলিয়াবৰত তিনি/চাৰি হাজাৰ টকাত দি থকা হৈছে মটিৰ পট্টা!