29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ১৫ তাৰিখৰ পৰা জিলাভিত্তিক লকডাউন খোলাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা- মুখ্যমন্ত্ৰী

    ১৫ তাৰিখৰ পৰা জিলাভিত্তিক লকডাউন খোলাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা- মুখ্যমন্ত্ৰী

    আজি সৰুসজাইৰ কভিড হাস্পতাল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। লকডাউন সন্দৰ্ভত এক ইংগিত বহন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত। তেখেতে কয়, জিলাভিত্তিক লকডাউন খোলাৰ বাবে ব্যৱস্থা আৰম্ভ হ’ব ১৫ জুনৰ পৰা।

    জিলাৰ কভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই লকডাউন খুলি দিয়া হব। যি যি জিলাত কভিড আক্ৰান্তৰ সংখ্যা অধিক বা কভিড পজিটিভিটিৰ হাৰ অধিক সেই জিলাতেই লকডাউন থাকিব। সম্পূৰ্ণ ৰাজ্যত একেলগে আনলক নহয়।

    কিয়নো আংশিক লকডাউন দিয়েই দেশৰ ভিতৰতে কেৱল অসমেই কভিড পৰিস্থিতি উন্নত কৰিবলৈ সক্ষম হৈছে। লকডাউন নিদিয়াকৈয়ে ইমান ভাল ফল হৈছে গতিকে লকডাউন দিলে ই আৰু অধিক উন্নত হৈ পৰিলে হেতেন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

    যাৰ বাবেই কভিড পৰিস্থিতি আৰু অধিক উন্নত কৰাৰ বাবেই জিলা ভিত্তিক লকডাউনৰ সম্ভাৱনা বুলি ব্যক্ত কৰে। যি জিলাই ভাল পৰিস্থিতি দেখুৱাবলৈ সক্ষম হব সেই জিলাতেই আনলক হব। এই লকডাউনৰ সিদ্ধান্ত কেৱল ৰাইজৰ ওপৰতেই নিৰ্ভৰপ কৰিব। যিমানেই সোনকালে কভিডক পৰাস্ত কৰিব পাৰিব সিমানেই ভাল।

    আৰু পঢ়ক : লাভলিনা বৰগোহাঁই : অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা বক্সাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং