32 C
Guwahati
Wednesday, October 5, 2022
More

    দিল্লীত বিহু নৃত্যক ‘বিকৃত’ ৰূপ দিয়া ঘটনাৰ তদন্তৰ নিৰ্দেশ

    সোমবাৰে নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ আদৰণি অনুষ্ঠানৰ সময়ত ‘বিকৃত’ বিহু নৃত্য প্ৰদৰ্শনৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰে।

    বিকৃত ৰূপত উপস্থাপন কৰা বিহু নৃত্যৰ সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ইয়াক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

    এই সন্দৰ্ভত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ কাৰ্যালয়ে জনোৱা মতে, মালদ্বীপৰ ৰাষ্ট্ৰপতি গৰাকীৰ আদৰণি অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰা দলটো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা প্ৰেৰিত দল নাছিল।

    মন্ত্ৰীগৰাকীয়ে ঘটনাটো সন্দৰ্ভত শীঘ্ৰে এক প্ৰতিবেদন দাখিল কৰিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰীক নিৰ্দেশ প্ৰদান কৰিছে।

    উল্লেখ্য যে ইয়াৰ পূৰ্বে অসমৰ বিহু কৃষ্টি পৰিষদে এই ঘটনা সন্দৰ্ভত অনুষ্ঠান আয়োজকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং