
ভাৰতৰ পৰা মণিপুৰ স্বাধীন ঘোষণা সন্দৰ্ভত স্পষ্টীকৰণ দিলে মণিপুৰৰ প্ৰতীকি ৰজা লেইছেম্বা চানাজাওবাৰে। গৱেষণামূলক বিষয়ৰ বাবে স্বাক্ষৰ কৰিছিল নথি-পত্ৰত। লণ্ডনত উপস্থাপনৰ বাবে স্বাক্ষৰৰ প্ৰয়োজন আছিল বুলি অৱগত কৰিছিল। স্বাধীন মণিপুৰ ঘোষণা সন্দৰ্ভত অৱগত নহয় বুলি মন্তব্য কৰে মণিপুৰৰ ৰজাগৰাকীয়ে।
উল্লেখ্য যে, লণ্ডনত অনুষ্ঠিত এক সংবাদমেলযোগে ভাৰতৰ পৰা মণিপুৰ স্বাধীন বুলি ঘোষণা কৰিছিল দুজন লোকে। প্ৰতীকি ৰজা লেইছেম্বা চানাজাওবাৰৰ প্ৰতিনিধি বুলি দাবী কৰিছিল।

নিজকে স্বাধীন মণিপুৰৰ প্ৰধানমন্ত্ৰী বুলি দাবী কৰা য়ামবেন বীৰেন আৰু স্বাধীন মণিপুৰৰ স্বয়ম্ভু বিদেশ তথা প্ৰতিৰক্ষা মন্ত্ৰী নাৰেংবাম সমৰজিতে লণ্ডনত এখন সংবাদমেল পাতি এই Government in Exileৰ কথা ঘোষণা কৰিছিল। এই চৰকাৰ লণ্ডনৰ পৰা পৰিচালিত হ’ব বুলিও কৈছিল দুয়োগৰাকীয়ে। মণিপুৰৰ ৰজাৰ নিৰ্দেশক্ৰমে তেওঁলোকে এই ঘোষণা কৰিছে বুলিও দাবী কৰিছিল।