26 C
Guwahati
Thursday, September 29, 2022
More

    ঠিকনা সলনি হ’ব দিছপুৰ আৰক্ষী থানাৰ; ক’লৈ স্থানান্তৰিত হ’ব জানক

    ঠিকনা সলনি হ’ব দিছপুৰ আৰক্ষী থানাৰ। গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ আৰক্ষী থানা, দিছপুৰ আৰক্ষী থানাখন অতি কম দিনৰ ভিতৰতে নতুন স্থানলৈ স্থানান্তৰিত কৰা হ’ব।

    জানিব পৰা মতে, গণেশগুৰিস্থিত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপলৈ স্থানান্তৰিত কৰা হ’ব দিছপুৰ আৰক্ষী থানাখন।

    অহা ১০-১৫ দিনৰ ভিতৰতে থানাখন নতুন ঠাইলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলিও এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে।

    মঙলবাৰে এই কথা জানিব দিয়ে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে।

    উল্লেখযোগ্য যে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমীত সিং আৰু গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই মঙলবাৰে গুৱাহাটীৰ গণেশগুৰি অঞ্চলৰ দিছপুৰ থানাৰ নতুন চৌহদ পৰিদৰ্শন কৰে।

    বৰ্তমান দিছপুৰ থানাখন অসম সচিবালয়ৰ (জনতা ভৱন) সমীপত অৱস্থিত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং