শিৱসাগৰত সম্প্ৰিতীৰ নিদৰ্শন ! মুছলিম দৌল্লা পৰিয়াললৈ দেৱী দ’লৰ পূজাৰ ভাগ

0
1254

শিৱসাগৰত সম্প্ৰিতীৰ নিদৰ্শন ! মুছলিম দৌল্লা পৰিয়াললৈ দেৱী দ’লৰ পূজাৰ ভাগ

দেশৰ লগতে ৰাজ্যত দূৰ্গা পূজাৰ ব্যাপক উৎসাহ দেখিবলৈ গৈছে |

সকলোৱে মা দুৰ্গাৰ চৰনত আশিষ লৈছে | শিৱসাগৰ নগৰৰ আহোমৰ দিনৰ প্ৰায় তিনিশ বছৰ পুৰণি দেৱী দলত আজি সম্পন্ন কৰা হ’ল বলি বিধান।

কিন্তু ধৰ্মীয় বিশ্বাস ভক্তিৰ মাজত দেখা গৈছে এক বিৰল পৰম্পৰা।

মহা অষ্টমীৰ দিনটোত পৰম্পৰা অনুসৰি দেৱী দ’লৰ পূজাৰ এক ভাগ শিৱসাগৰ নগৰৰ মুছলিম দৌল্লা পৰিয়ালক প্ৰদান কৰা হয়।
লোক বিশ্বাস মতে আহোম ৰাজত্ব কালত দ’ল স্থাপন কৰাৰ সময়ত দেৱী দ’লত পূজা অৰ্চনাৰ সময়ত ঢাক বজাবলৈ এই দৌল্লা পৰিয়ালক নিয়োগ কৰা হৈছিল |

তাৰ লগতে এওঁলোকে অষ্টমীৰ দিনা দেৱী পূজাৰ
বলিৰ এক ভাগ লাভ কৰিছিল।

বৰ্তমান সময়ত দ’লত ঢাক বজোৱাৰ নিয়ম নোহোৱা হ’ল যদিও দেৱী পূজাৰ ভাগ দৌল্লা পৰিয়াললৈ প্ৰদান কৰাৰ পৰম্পৰা চলি থাকিল।


আজি মহা অষ্টমীৰ দিনা দেৱী দ’লত এক আনুষ্ঠানিক কাৰ্যসূচী ৰূপায়ণ কৰি পৰিয়ালটোলৈ দেৱী পূজাৰ শৰাই প্ৰদান কৰা হয়।