নলবাৰীত ‘মোহন ভাইৰা বঁটা’ প্ৰদান অনুষ্ঠান, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য দীপাংক নাথৰ…

0
159
নলবাৰীত 'মোহন ভাইৰা বঁটা' প্ৰদান অনুষ্ঠান, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য দীপাংক নাথৰ
ফাইল ফটো

নলবাৰী জিলা ছাত্র সন্থাই প্ৰতি বছৰে অসমৰ লোক সংস্কৃতিক চহকী কৰি অহা একোজনকৈ বিশিষ্ট ব্যক্তিক নলবাৰী জিলা ছাত্র সন্থাই ২০০৯ চনৰ পৰা লোক সংস্কৃতিৰ সাধক সংগীত নাটক একাডেমী বটা প্ৰাপক ”মোহন ভাইৰা বটা” প্ৰদান কৰি আহিছে‌। সোমবাৰে ২০২১ বৰ্ষৰ বাবে এই বটা প্ৰদান কৰা হয় বিশিষ্ট বাহীবাদক, লোক সংস্কৃতিৰ সাধক নলবাৰী জিলাৰ টিহুৰ হৰেকৃষ্ণ তালুকদাৰক।

নলবাৰী শ্বহীদ ভৱন বাকৰিত সোমবাৰে এটা গুৰু্ত্বপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ ১০ হেজাৰ টকা, জাপি, ফুলাম গামোচা আৰু স্মাৰক। তালুকদাৰত এই বঁটা প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে।

এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজ উদ্দিন আহমেদ, জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকাৰ লগতে নলবাৰী জিলা উন্নতি সভা ৰাতুল চন্দ্ৰ ডেকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি।

ইফালে সংগঠনটোৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আছুত কৰ্তৃত্বৰ প্ৰসংগত শেহতীয়াভাৱে প্ৰকাশ পোৱা এটা বাতৰিৰ প্ৰসংগত নেতাগৰাকীয়ে কয়, ”সদৌ অসম ছাত্ৰ সন্থাৰ ৬০ গৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক আছে। তেওঁলোকে কথা পাতিব। কাক উপদেষ্টা বা মুখ্য উপদেষ্টা লব লাগে সেই প্ৰসংগত আলাপ-আলোচনা হ’ব। তাৰ পিছত হ’ব। কিন্তু তেখেতক অবাবত মনোকষ্ট দিয়াতো অনুচিত। ছাত্ৰ সন্থাৰ দীৰ্ঘকালৰ সংগ্ৰামী ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰসংগত এইবোৰ বিতৰ্কৰ সুচনা কৰাটোৱেই ভুল। কাৰণ তেখেত এগৰাকী সংগ্ৰামী সতীৰ্থ। বিগত ৪ টা কাৰ্যকাল তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ লগত আছে। সদৌ অসম ছাত্ৰ সন্থাৰ কাম-কাজ সংবিধান মতে চলে।”

আৰু পঢ়ক : বিজেপি বিনে গতি নাই বুলি সংখ্যালঘু লোকসকলে বুজি উঠিছে! হাজাৰ হাজাৰ লোকৰ যোগদান বিজেপিত