অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনক ভেঙুচালি কৰা গৃহমন্ত্ৰীক তীব্ৰ গৰিহণা দিপাংক কুমাৰ নাথৰ

0
1571
অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনক ভেঙুচালি কৰা গৃহমন্ত্ৰীক তীব্ৰ গৰিহণা দিপাংক কুমাৰ নাথৰ

অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনক ভেঙুচালি কৰা গৃহমন্ত্ৰীক তীব্ৰ গৰিহণা আছুৰ সভাপতি দিপাংক নাথৰ । আন্দোলনৰ মাজেৰে মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কৰা এই বক্তব্য নিন্দনীয় বুলি তীব্ৰ ক্ষোভ ব্যক্ত কৰে আছুৰ সভাপতি দিপাংক কুমাৰ নাথে ।

অসমীয়া জাতিক ভেঙুচালি কৰা কাৰ্যৰ উচিত জবাব দিয়া হব বুলিও হুংকাৰ নাথৰ । নলবাৰীত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ সভাপতি নাথে। অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনক ভেঙুচালি কৰা গৃহমন্ত্ৰীক তীব্ৰ গৰিহণা দিপাংক কুমাৰ নাথৰ।

কালিৰে পৰা অনুষ্ঠিত প্ৰসন্ন নাৰায়ণ চৌধুৰী একাঙ্কিকা নাট প্ৰতিযোগিতাৰ উদ্বোধনী সভাত উপস্থিত থাকি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে নাথে ।উল্লেখযোগ্য যে নলবাৰীত কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা।

নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত প্ৰয়াত ছাত্ৰ নেতা প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে ।বন্তি প্ৰজ্বলন কৰি আছুৰ সভাপতি গৰাকীয়ে প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ স্মৃতিচাৰণ কৰি অসমৰ নাট্য আন্দোলনত নলবৰীয়া ৰাইজে আগবঢ়োৱা অৱদানৰ শলাগ লয়।

আৰু পঢ়ক : হায় মানৱতা! ব্যস্ত ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক, বাধা দিবলৈ নাহিল কোনো