মাতৃৰ বহু দিনীয়া আশা পূৰণ কৰিব দীপাংক কুমাৰ নাথে ! ১৫ ডিচেম্বৰত হোমৰ গুৰিত বহিব দীপাংক নাথ

0
930

মাতৃৰ বহু দিনীয়া আশা পূৰণ কৰিব দীপাংক কুমাৰ নাথে ! ১৫ ডিচেম্বৰত হোমৰ গুৰিত বহিব দীপাংক নাথ

অৱশেষত আহিল ভাল খবৰটো৷ গাত মাহ হালধী সানিবলৈ সাজু হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যপদত্যাগী সভাপতি দীপাংক নাথে। বিয়াৰ বাবে দীপাংক নাথৰ ঘৰৰ চোতালত পুতিছে ৰভাৰ খুটা। ১৫ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব প্ৰাক্তন সভাপতি গৰাকীয়ে।

গুৱাহাটীৰ অধ্যাপিকা ৰূপা হাজৰিকাৰ সৈতে বিবাহ সভাপতি গৰাকীৰ। গোৱালপাৰাৰ বাকাইটাৰীত কৰা হৈছে বিয়াৰ আয়োজন। পিতৃ-মাতৃৰ হেঁচাত বিয়াত বঢ়িবলৈ সাজু হৈছে দীপাংক কুমাৰ নাথ। জাতীয় দায়িত্বৰ পৰা দায়িত্বশীল স্বামীলৈ যাত্ৰা কৰিবলৈ উলাইছে দীপাংক কুমাৰ নাথে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ অধ্যাপিকা ৰূপা হাজৰিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব আছুৰ পৰা পদত্যাগ কৰা দীপাংক নাথে। জানিব পৰা মতে অধ্যাপিকা গৰাকীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেম আছিল আছুৰ প্ৰাক্তন নেতা গৰাকী।

পিতৃ-মাতৃৰ প্ৰৱল হেঁচাত বিয়াত বহিবৰ বাবেই আছুৰ পৰা পদত্যাগ কৰিলে দীপাংক নাথে। পুত্ৰই এই সিদ্ধান্ত এতিয়া আনন্দৰ পাৰ নোহোৱা হৈছে পিতৃ-মাতৃৰ।