27 C
Guwahati
Monday, June 14, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ”মোৰ বাপা কলৈ গ’লি, মোক কিয় এৰি গলি”, আজিও হিয়া ঢাকুৰি কান্দি আছে শ্বহীদ দিপাঞ্জলৰ মাতৃয়ে…

    ”বিজেপি চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰি, সাম্প্ৰদায়িক শাসন চলাইছে। সেইবাবেই নাগৰিকত্ব সংশোধনী আইনৰ দৰে এখন অসমবাসীয়ে নিবিচৰা আইন জাপি দিছে। অসমীয়া জনসাধাৰণক ভাগ ভাগ কৰাৰ বাবেও চৰকাৰে চেষ্টা চলাইছে। সেইবাবেই অসমীয়া জনসাধাৰণে নতুন কিবা এটা বিচাৰিয়ে অসম জাতীয় পৰিষদৰ জন্ম দিছে।” মঙলবাৰে ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদ দিপাঞ্জল দাসৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ সময়ত অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অসম জাতীয় পৰিষদৰ আহ্বায়ক তথা সদ্য পদত্যাগী আছুৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে।

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্বহীদ হোৱা দিপাঞ্জলৰ ঘৰত জাতীয় পৰিষদৰ নেতৃত্ব উপস্থিত হোৱাৰ সময়ত হিয়া ঢাকুৰি কান্দে মাতৃৰ লগতে পৰিয়ালৰ লোকসকলে। জনতাৰ হকে ওলাই আহি ঘৰলৈ আৰু ঘূৰি নোযোৱা পুত্ৰৰ কথা মনত পেলাই ”মোৰ বাপা কলৈ গ’লি। মোক কিয় এৰি গলি” বুলি চিঞৰি চিঞৰি কান্দে।

    অসম জাতীয় পৰিষদৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীৰ লগতে আন কেবাগৰাকীও নেতা মঙলবাৰে শ্বহীদগৰাকীৰ ঘৰত উপস্থিত হয়। ছয়গাঁৱৰ দলৈপাৰা গাঁৱৰ বাসগৃহত উপস্থিত হৈ প্ৰথমে পিতৃ খগেন দাস আৰু মাতৃ কবিতা দাসক প্ৰণাম জনাই বড়ো জাতিৰ পৰম্পৰাগত সাজেৰে সম্বৰ্ধনা জনায় জাতীয় পৰিষদৰ আহ্বায়কগৰাকীয়ে।

    তাৰ পিছতে তেওঁ অখিল গগৈৰ এক দল, এখন পতাকাৰ প্ৰস্তাৱ সম্পৰ্কত কৌশলপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। লগতে তেওঁ, শ্বহীদৰ প্ৰসংগত বিজেপি চৰকাৰে কৰা অৱজ্ঞা কোনো লোকে কাহানিও ক্ষমা নকৰে বুলি মন্তব্য কৰে। ”শ্বহীদক চৰকাৰে সন্মান কৰিব নাজানিলে। কোনো কোনোৱে সন্মান কৰাৰ সলনি দুস্কৃতিকাৰী বুলিহে অভিহীত কৰিছে।” অসম জাতীয় পৰিষদৰ সঁজাতি দলটোত আৰু আছিল আহ্বায়ক দেৱজিৎ গোস্বামী, দক্ষিণ কামৰূপৰ প্ৰাক্তন আছু নেতা মদন দাস, ধনঞ্জয় মেধি ইত্যাদি কেবাগৰাকী লোক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং