২৫টা শব্দৰ এটা চুটি গল্পই কৰিলে ৰেকৰ্ড, নাম উজলালে ডিম্পল হাজৰিকাই

0
164

২৫টা শব্দৰ এটা চুটি গল্পই কৰিলে ৰেকৰ্ড, নাম উজলালে ডিম্পল হাজৰিকাই। লখিমপুৰত ঘটিল এক ৰেকৰ্ড। মাত্ৰ ২৫ টা শব্দৰে লিখিত এটা গল্পই লখিমপুৰলৈ কঢ়িয়াই আনিছে এক বিৰল সন্মান।

২৫টা শব্দৰ এই বিশেষ গল্পটোৱে অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে। লখিমপুৰৰ লালুকৰ বৈষ্ণপুৰ গাঁৱৰ ধৰ্মকান্ত হাজৰিকা আৰু প্ৰয়াত মাতৃ ৰুণজুন হাজৰিকাৰ কণ্যা ডিম্পল হাজৰিকাই লিখি উলিওৱা ২৫ টা শব্দ আৰু দুটা লাইনত “উপহাৰ” নামৰ এটা গল্প লিখি অসম বুক অৱ ৰেকৰ্ড কৰিবলৈ সক্ষম হয়।

অতিকৈ দুখীয়া অৰ্থাৎ আৰ্থিক ভাৱে পিছপৰা ডিম্পল হাজৰীকাই আৰু ২খন গল্প পুথি লিখি ফেচবুকৰ জৰিয়তে ৰাইজৰ মাজলৈ উলিয়াই দিছে যদিও আৰ্থিক অনাটনৰ বাবে গ্ৰন্থ হিচাপে প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই।

বৰ্তমান উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত অধ্যয়ণ কৰি থকা ডিম্পলে ২৫ টা শব্দৰ ভিতৰত লিখি উলিওৱা গল্প ভাগ হৈছে –

“উপহাৰ”
অন্ধকাৰ জীৱনৰ পৰিসমাপ্তি ঘটায় জ্ঞান সাগৰত জাহাজ চলাই প্ৰাচুৰ্যৰ সৌধ সাজি সি হৈ পৰিল এজন সফল ব্যক্তি। সফলতাৰ অন্তত মাক-দেউতাকৰ শ্ৰমৰ উপহাৰ দিলে- বৃদ্ধাশ্ৰম’।

Input and Photo- Hassinur Alom

আৰু পঢ়ক : চুলিৰ ষ্টাইলে বিপদ ঘটালে যুৱকৰ, বিনাদোষত আৰক্ষীয়ে ধৰি বান্ধি ভৰাই থলে থানাত