27 C
Guwahati
Saturday, August 6, 2022
More

    প্ৰতিসাজ খাদ্যতে লাগে ৩০০ গ্ৰাম ঘিউ, তিনি লিটাৰ গাখীৰ ! বজৰংপুনিয়াৰ খাদ্যৰ তালিকাত আৰু কি ?

    প্ৰতিসাজ খাদ্যতে লাগে ৩০০ গ্ৰাম ঘিউ, তিনি লিটাৰ গাখীৰ ! বজৰংপুনিয়াৰ খাদ্য তালিকাৰ আৰু কি ?

    কমনৱেলথ গেমছত দেশক স্বৰ্ণ পদক লাভ কৰা হাৰিয়ানাৰ মল্লযোদ্ধা বজৰং পুনিয়াৰ শৈশৱকালত পঢ়াশুনাত বিশেষ আগ্ৰহ নাছিল। তেওঁ বিদ্যালয়লৈ যাব লাগিব বুলিয়ে খেলপথাৰলৈ গৈছিল ।

    তাত মল্লযুদ্ধ জিকাৰ বাবে যি পুৰষ্কাৰ লাভ কৰিছিল সেই পুৰষ্কাৰে তেওঁক উৎসাহিত কৰিছিল। আৰু তেনেদৰেই তেওঁ এগৰাকী মল্লযোদ্ধা হৈ পৰিছিল।

    কমনৱেলথ গেমছ ২০২২ ত স্বৰ্ণ জয় কৰাৰ পিছত বজৰং পুনিয়াই কয় যে হাৰিয়ানাৰ সংস্কৃতিতে মল্লযুদ্ধ আছে। ইয়াৰ গাঁওবোৰৰ প্ৰতিটো ঘৰতে এজনকৈ মল্লযোদ্ধা আছে।

    বজৰং পুনিয়াই তেওঁলোকৰ খাদ্য প্ৰণালীৰ কথা উল্লেখ কৰি কয় যে মল্লযোদ্ধাসকলে যি ধৰণৰ খাদ্য খায় সেয়া সাধাৰণ মানুহৰ বাবে সহজ নহয়।

    মল্লযোদ্ধাসকলৰ খাদ্য যথেষ্ট সাধাৰণ কিন্তু অতি শক্তিশালী হয়। মল্লযোদ্ধাসকলে যথেষ্ট পৰিমাণে ঘিউ খায় । এজন মল্লযোদ্ধাই দিনে কমেও ২০০-৩০০ গ্ৰাম ঘিউ খায় কিয়নো ঘিউৱে তেওঁলোকক শক্তি প্ৰদান কৰে আৰু ইয়াৰ ফলত শৰীৰ গধুৰ হয়।

    ইয়াৰ লগতে এদিনত দুই-তিনি লিটাৰ গাখীৰো খাই আৰু ৰাতিপুৱা আৰু সন্ধিয়া ফল খাই। বজৰং পুনিয়া তেওঁৰ বিজয়তকৈ তেওঁৰ প্ৰদৰ্শনক লৈ অধিক সুখী বুলিও তেওঁ জানিবলৈ দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং