
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মুল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ
অৱশেষত আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মুল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে |
সোমবাৰে পুৱাই তিনিচুকীয়াৰ লেখাপানী আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৰাহুল ছেত্ৰীয়ে |
ৰেগিঙৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতেই নোহোৱা হৈছিল ৰাহুল ছেত্ৰী |
২৭ নবেম্বৰৰ পৰাই আত্মগোপন কৰি আছিলে ৰাহুল ছেত্ৰীয়ে |
আত্মসমৰ্পণ কৰি ৰাহুল ছেত্ৰীয়ে সাংবাদিকৰ আগত কয় যে এই ৰেগিঙৰ ঘটনাটোৰ লগত তেওঁ জড়িত নহয় |
ভয়-শংকাত আত্মগোপন কৰি আছিল বুলি উল্লেখ কৰিছে ৰাহুল ছেত্ৰীয়ে |
লগতে তেওঁ এইকেইটা দিন অসমতে আছিল বুলিও কয়| ৰেগিং কাণ্ডত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে ৰাহুলে |
আনহাতে সমগ্ৰ ঘটনা আইনৰ সন্মুখত সদৰী কৰিব বুলিও ৰাহুল ছেত্ৰীয়ে মন্তব্য কৰে |