
বিত্তীয় অনিয়ম আৰু ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বন হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত কুমাৰ তামুলী। গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখীয়ে নিলম্বন কৰিলে উপাচাৰ্যগৰাকীক। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে তামুলীক।
ইফালে তেখেতৰ স্থানত ভাৰপ্ৰাপ্ত উপাচাৰ্য ৰ দায়িত্ব দিয়া হৈছে অধ্যাপক আৰএনএছ যাদৱক। বিশ্ববিদ্যালয়খনৰ শিক্ষক সংস্থা, বিষয়া সংস্থা, কৰ্মচাৰী সংস্থাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও উপাচাৰ্যগৰাকীক নিলম্বন কৰাৰ বাবে দাবী উত্থাপন কৰিছিল। তেখেতে সংঘটিত কৰা বিত্তীয় অনিয়মৰ প্ৰসংগত ইতিমধ্যে তথ্যসহ TIME8-ত বাতৰি সম্প্ৰচাৰ হৈছিল।
উপাচাৰ্যগৰাকীৰ পৰা সৈমান কৰিব পৰা কোনো তথ্য লাভ নকৰাৰ পিছতে আচাৰ্যই এখন ফেক্ট ফাইণ্ডিং কমিটী গঠন কৰি দিছিল। কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া আৰু উজনি অসমৰ আয়ুক্ত মলয় বৰাক। কমিটীৰ প্ৰতিবেদনৰ পিছতে ৰাজ্যপালে উপাচাৰ্যগৰাকীৰ নিলম্বন কৰে।
আৰু পঢ়ক : মে’ৰ পিছত আৰু মুখ্য মন্ত্ৰী হৈ নাথাকে মমতা বেনাৰ্জী : অমিত শ্বাহ