
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আকৌ উত্তপ্ত পৰিস্থিতি ! এইবাৰ বিশেষ ছাত্ৰ সংগঠনৰ কথাত নিৰ্বাচন পিছুৱাই দিয়াৰ অভিযোগ :-
ইটোৰ পিছত সিটো বিতৰ্কই লগ এৰা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ক। এইবাৰ বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি ৰ। সোমবাৰে নিশা জ্যোতি বাটচ’ৰাত একাংশ অসন্তুষ্ট ছাত্ৰই সাব্যস্ত কৰে আন্দোলন।
স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰৰ কৰি পুনৰ কঁপি উঠে ডিব্ৰুগড় বিশ্ববিদ্যালয়। সোমবাৰে বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰদানৰ অন্তিম দিন আছিল। দুপৰীয়া ২.৩০ বজাৰলৈকে মনোনয়ন পত্ৰ প্ৰদানৰ সময় ধাৰ্য কৰিছিল বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে।
কিন্তু অভিযোগ কৰা অনুসৰি একাংশ প্ৰাৰ্থীয়ে নিৰ্দিষ্ট সময়ত দাখিল কৰিব পৰা নাছিল মনোনয়ন পত্ৰ। যাৰ বাবে প্ৰাৰ্থীসকলৰ মাজত সংঘাত আৰম্ভ হয়। প্ৰশাসনিক বিভাগে একেদিনাই প্ৰাৰ্থীৰ নামো ঘোণা কৰাৰ কথা আছিল। কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে সঠিক সময়ত প্ৰাৰ্থী নাম ঘোষণা কৰাৰ পৰিৱৰ্তে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ৰহস্যজনকভাৱে পিছুৱাই দিয়াৰ বাবে একাংশৰ ছাত্ৰ ক্ষোভিত হৈ পৰে।

ইয়াৰ পিছতেই ক্ষোভিত ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ জ্যোতি বাট’চৰাৰ সন্মুখত বহু নিশা পৰ্যন্ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, যোৱা দুবছৰে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব পৰা নাই বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। ইফালে প্ৰতিবাদকাৰী ছাত্ৰসকলে এটা বিশেষ ছাত্ৰ সংগঠনলৈ অভিযোগৰ আঙুলি টোৱাইছে।
আৰু পঢ়ক : অসমৰে এখন বিদ্যালয়, য’ত ছাত্ৰীক গা ধুবলৈ দি মোবাইলত ফটো তোলে শিক্ষকে!