
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উতপ্ত পৰিস্থিতি! মাছুল বৃদ্ধিক কেন্দ্ৰ কৰি উত্তাল নাহৰৰ দেশ
নামভৰ্তিৰ মাছুল বৃদ্ধিক কেন্দ্ৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। মঙলবাৰে বিশ্ববিদ্যালয়খনৰ নামভৰ্তি মাছুল বৃদ্ধিৰ সন্দৰ্ভত এখন জাননী প্ৰকাশ কৰিছিল।
জাননী যোগে বিশ্ববিদ্যালয় খনৰ নাম ভৰ্তিৰ মাছুল ৩৩ ৰপৰা ৫৫ শতাংশলৈ বৃদ্ধি কৰা হৈছিল। এই মাছুল বৃদ্ধিক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে শিক্ষৰ্থী।
মাছুল বৃদ্ধিৰ জাননী দিয়াৰ পিছৰে পৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দিনে নিশাই ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে।
ওৰে নিশা বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত বুধবাৰেও দিনৰ ভাগত সাব্যস্ত কৰিলে প্ৰতিবাদ।
সেইসময়তে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহলৈ এখন আলোচনা সভাত ভাগ লবলৈ আহে বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা।
আৰু তেতিয়াই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰে উপাচাৰ্যগৰাকীক। উপাচাৰ্যগৰাকীৰ বাহনৰ সন্মুখত বহি তেওঁক আৱদ্ধ কৰে প্ৰতিবাদকাৰীয়ে ।
লিপ্ত হয় তৰ্কাতৰ্কিত। কেৱল ইমানতেই ক্ষান্ত নাথাকি উপাচাৰ্যগৰাকীক শাৰীৰীক ভাৱেও অপদস্ত চলাই একাংশ প্ৰতিবাদকাৰীয়ে।
নিৰাপত্তাৰক্ষী আৰু শিক্ষক সকলৰ তৎপৰত্তাত উপাচাৰ্য গৰাকীক উদ্ধাৰ কৰা হয় যদিও অব্যাহত থাকে প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ চৌহদত অভাৱনীয় পৰিৱেশ সৃষ্টি হয়।
কিন্তু প্ৰতিবাদৰ পিছতো প্ৰত্যাহাৰ নহ’ল এই বৰ্ধিত মাছুল।বিশ্ববিদ্যালয়খনত ১২ বছৰৰ পিছত হে মাছুল বৃদ্ধি হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
তেওঁলোকে লগতে কয় যে ১২ বছৰৰ পিছত যিহেতু মাছুল বৃদ্ধি হৈছে গতিকে মাছুল হ্ৰাস কৰাৰ কোনো যুক্তি নাই।