ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বাতিল কৰিলে ১৯-২০ এপ্ৰিলৰ স্নাতকোত্তৰ পৰীক্ষা

0
796
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিজন আফ্ৰিকান ছাত্ৰ ক’ভিড প’জিটিভ
File Photo, CrediT: Education iConnect

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বাতিল কৰিলে ১৯-২০ এপ্ৰিলৰ স্নাতকোত্তৰ পৰীক্ষা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অহা ১৯ আৰু ২০ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ পৰীক্ষাসমূহ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে।

পৰৱৰ্তী সময়ত পৰীক্ষাৰ নতুন তাৰিখ জনোৱা হ’ব বুলিও নিৰ্দেশনাত জনায়।

অৱশ্যে, পৰীক্ষাটো কি কাৰণত পিছুৱাই দিয়া হ’ল তাৰ কাৰণ উল্লেখ কৰা হোৱা নাই।

শনিবাৰে বিশ্ববিদ্যালয়ৰ দ্বাৰা জাৰী কৰা নিৰ্দেশনাত কয় যে বিশ্ববিদ্যালয়ৰ অধীনৰ বিভাগ, কেন্দ্ৰ, প্ৰতিষ্ঠান আৰু অনুমোদিত মহাবিদ্যালয়/প্ৰতিষ্ঠানৰ সকলো স্নাতকোত্তৰ পৰীক্ষা (চিবিচিএছ আৰু অ-চিবিচিএছ মোড দুয়োটা) পিছুৱাই দিয়া হৈছে।

লগতে, আদেশটোত এইটোও উল্লেখ কৰা হৈছে যে অন্যান্য পৰীক্ষাবোৰ পূৰ্বৰ সূচী অনুসৰিয়েই অনুষ্ঠিত কৰা হ’ব।

উল্লেখ্য যে কৰ’ণা ভাইৰাছৰ ঘটনা হঠাৎ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিভিন্ন পৰীক্ষা স্থগিত বা বাতিল কৰাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

আৰু পঢ়ক : ৰাজ্যত কৰ’ণাতংকঃ বোকাখাত মহকুমাৰ অন্তৰ্গত সকলো হোটেল, ল’জ , অতিথিশালা ৰেষ্টুৰেণ্টসমূহত পৰ্যটকে কৰ’ণাৰ ৰিপৰ্ট দেখুৱাটো বাধ্যতামূলক