BREAKING NEWS ৰেগিং কাণ্ডক লৈ কঠোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ; ৪ বহিষ্কৃত ছাত্ৰই দেশৰ কোনো শিক্ষানুষ্ঠানতে কৰিব নোৱাৰিব নামভৰ্তি, ৫ ৱাৰ্ডেনক অব্যাহতি

0
1192

৫জন ৱাৰ্ডেনক অব্যাহতিৰ উপৰিও ৪ বহিষ্কৃত ছাত্ৰই দেশৰ কোনো শিক্ষানুষ্ঠানতে নামভৰ্তি কৰিব নোৱাৰিব; ৰেগিং কাণ্ডক লৈ কঠোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ

ৰেগিং কাণ্ডক লৈ কঠোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুঠ ৫জন ৱাৰ্ডেনক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ উপৰিও ৪জন ছাত্ৰক ৩বছৰৰ কাৰণে বহিষ্কাৰ কৰাৰ কথা উল্লেখ কৰিছে। ধৃত ছাত্ৰ কেইজন ক্ৰমে গালব ডেকা, কমলেশ্বৰ চুতায়া, মৌচম ফুকন, পুছেন খাম বৰুৱা।

উল্লেখযোগ্য যে, এই ৪ বহিষ্কৃত ছাত্ৰই দেশৰ কোনো শিক্ষানুষ্ঠানতে নামভৰ্তি কৰিব নোৱাৰিব নোৱাৰিব বুলিও উল্লেখ কৰে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষয়ে।

আনহাতে এই ভয়াবহ ৰেগিং কাণ্ডক লৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষয়ে ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ফোন নম্বৰ আৰু আন এটা ইমেইল মুকলি কৰি দিছে, যাতে কেতিয়াও কোনো দিনেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ৰেগিংৰ বলি হ’ব নালাগে।

ইফালে উপাচাৰ্য ড°জিতেন হাজৰিকাই আজি আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আনন্দ শৰ্মাৰ পৰিয়াল আৰু চিকিৎসকৰ সৈতেও মত বিনিময় কৰে। ড° জিতেন হাজৰিকাই উল্লেখ কৰে যে আনন্দ শৰ্মাৰ চিকিৎসাৰ লগতে ভবিষ্যতৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ভৱিষ্যতে প্ৰয়োজন হলে আনন্দ শৰ্মাক চাকৰিও দিব বুলি উল্লেখ কৰে আৰু নিজেও ব্যক্তিগতভাৱে সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে।