ডিব্ৰুগড়ৰ বকুলৰ কোৱালিটি ফাৰ্মা নামৰ ঔষধ প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানত উত্তেজনা । প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীক মালিক পৰিচালকে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত লাহোৱাল থানাত এজাহাৰ দাখিল কৰা হৈছে । পিকু গগৈ নামৰ কৰ্মচাৰীজনক স্বত্বাধিকাৰী শ্যাম ডামানীয়ে মাৰপিট কৰাক কেন্দ্ৰ কৰি এই উত্তেজনা ৰ সৃষ্টি হয়। এই ঘটনাক কেন্দ্ৰ কৰিয়েই স্থানীয় ৰাইজে প্ৰতিষ্ঠানটো বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
এটা পোহনীয়া কুকুৰৰ মৃত্যুক কেন্দ্ৰ কৰি কৰ্মচাৰীজনক প্ৰহাৰ কৰা বুলি ৰাইজে অভিযোগ কৰে। ইতিমধ্যে ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষী বিভাগৰ ৰ্শীষ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰা লগতে প্ৰকৃত দোষীক কৰায়ত্ব কৰিবৰ বাবে অভিযান আৰম্ভ কৰা বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
আৰু পঢ়ক : তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় পিতা-পুত্ৰকঃ পিতৃৰ হাত আৰু পুত্ৰৰ ভৰি চিঙি ওফৰি পৰে