Breaking: ব্যৱসায়ী ওম প্ৰকাশ আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ গ্ৰেহেম বজাৰৰ ইদগাহ মৈদানৰ সন্মুখত বিগত বৰ্ষৰ ১৯ নৱেম্বৰৰ সন্ধিয়া গুলীয়াই হত্যা কৰা হৈছিল ব্যৱসায়ী ওম প্ৰকাশ আগৰৱালাক

0
54

ডিব্ৰুগড়ত ব্যৱসায়ী ওম প্ৰকাশ আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। হিন্দী চিনেমাৰ কায়দাৰে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ গ্ৰেহেম বজাৰৰ ইদগাহ মৈদানৰ সন্মুখত বিগত বৰ্ষৰ ১৯ নৱেম্বৰৰ সন্ধিয়া গুলীয়াই হত্যা কৰা হৈছিল ব্যৱসায়ী ওম প্ৰকাশ আগৰৱালাক।

হত্যা কৰি দুৰ্বত্তই কাঢ়ি নিছিল টকাভৰ্তি বেগ। এই ঘটনাৰ পিছতেই হুৱা-দুৱা লাগিছিল সদাব্যস্ত গ্ৰেহেম বজাৰ এলেকাত আৰু চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ চহৰতে। লগে লগে ঘটনাস্থলীত আৰক্ষীৰ উচ্চ প্ৰদস্থ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া।

Photo: ব্যৱসায়ী ওম প্ৰকাশ আগৰৱালা

কিন্তু ১৯ নৱেম্বৰ ২০১৯ত হোৱা এই হত্যাকাণ্ডৰ প্ৰায় আঢ়ৈ মাহৰ পিছত ডিব্ৰুগড় আৰক্ষীয়ে অৱশেষত লাভ কৰিছে সফলতা। এক গোপন সূত্ৰ যোগেদি চহৰখনৰ পল্টন বজাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী ইবাদ আলী ওৰফে আমিনক।

হত্যাকাৰী ইবাদ আলী পূৰ্বেও হত্যাকাণ্ডৰ লগত জড়িত আছিল। ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে হত্যাকাৰী ইবাদ আলীক ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৪ ধাৰাৰ অধীনত ১৯৭৪/১৯ নম্বৰ গোচৰত আদালতত হাজিৰ কৰি ৪ দিনৰ আৰক্ষীৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে।