31 C
Guwahati
Saturday, August 13, 2022
More

    ডিৱ্ৰুগড়ৰ বৰবৰুৱা চাহ-বাগিচাৰ ধৰ্ষণ কাণ্ড, ধৃত এজন

    ১৭ আগষ্টত বৰবৰুৱা চাহ বাগিচাৰ এটা নলাত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰি পেলাই গৈছিল।

    ডিৱ্ৰুগড়ৰ বৰবৰুৱাৰ জঘন্য ঘটনাত জড়িত এটা পাষণ্ড গ্ৰেপ্তাৰ। নাৰকীয় ঘটনাত জড়িতৰ অভিযোগত বিশাল কৰ্মকাৰ ওৰফে টাকলো নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে বৰবৰুৱা আৰক্ষীয়ে। বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰে পাষণ্ডটোক।

    ১৭ আগষ্টত বৰবৰুৱা চাহ বাগিচাৰ এটা নলাত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰি পেলাই গৈছিল। বিচিপিএলত অস্থায়ী কৰ্মচাৰীৰূপে নিয়োজিত যুৱতীগৰাকী ঘৰৰ পৰা পুৱা ৬বজাত ওলাই যাওঁতে বাগিচাৰ মাজত সংঘটিত হৈছিল এই নাৰকীয় ঘটনাটো। এই ঘটনাৰ পিছতে ডিৱ্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা লগতে ধৰ্ষণ তথা হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় লোকে।

    আৰক্ষীয়ে দেওবাৰে নিশা বৰবৰুৱাৰ চাহ-বাগিচাৰ পৰাই বিশাল কৰ্মকাৰ ওৰফে টাকলু নামৰ পাষণ্ডটোক গ্ৰেপ্তাৰ কৰে।

    Dibrugarh | Edited by: Dulu Medhi | First Published: Aug 19, 2019

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং