28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গায়ক বিপিন চাওদাঙক বৰ্জন সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ

    অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কণ্ঠশিল্পী বিপিন চাওদাঙক বৰ্জন কৰিছে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই।

    আজি ডিব্ৰুগড়ত এখনি সংবাদ মেল আয়োজন কৰি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে সংগঠনটোৰ কোনো অনুষ্ঠানতে তেওঁ সংগীত পৰিৱেশন কৰিব নোৱাৰে বুলি মন্তব্য কৰে।

    উল্লেখ্য যে দুদিন পূৰ্বে ডিব্ৰুগড়ত এখনি নিৰ্বাচনী সভাত শিল্পী বিপিন চাওদাঙে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈক নিকৃষ্ট মনৰ মানুহ আৰু ক্ষমতাৰ বাবে কা আন্দোলন কৰা বুলি মন্তব্য কৰিছিল।

    এই মন্তব্যৰ পিছতে ক্ষুন্ন হৈ পৰা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে গায়ক গৰাকীক উভতি ধৰি কিয় এই ধৰণৰ কথা কৈছে সেই কথা স্পষ্ট কৰিবলৈ আজিৰ এই সংবাদমেলযোগে দাবী জনায়।

    সংবাদমেলত সংগঠনটোৰ প্ৰতিনিধিয়ে কয়, ‘কেৱল বিজেপিৰ পৰা সুবিধা আদায়ৰ বাবে লুৰীণ জ্যোতি গগৈক লৈ এই মন্তব্য কৰিছে বিপিন চাওদাঙে।  সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজানত অনুষ্ঠিত অধিবেশনত বিপিন চাওদাঙক গীত পৰিৱেশন কৰিবলৈ নমতাৰ বাবেই এই মন্তব্য কৰিছে’।

    আৰু পঢ়ক : বালাকোট এয়াৰ ষ্ট্ৰাইকৰ ২ বছৰ! পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি ভাৰতীয় বায়ু সেনাই দিছিল প্ৰত্যুত্তৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং