একালৰ অনাতাঁৰ শিল্পী এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পদপথৰ ভিখাৰী

0
130

একালৰ অনাতাঁৰ শিল্পী এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পদপথৰ ভিখাৰী। আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ অনাতাঁৰ শিল্পী আছিল তেখেত। যাৰ বাঁহীৰ সুৰে অজস্ৰজনৰ হৃদয় জিনিছিল, যাৰ বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা বহু লোকক সেই গৰাকী বাঁহীবাদক আজি অঘৰী।

এখিলা গছৰ পাতত বিভিন্ন গীতৰ সুৰ দিয়া একালৰ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাঁহীবাদক তেখেত, নাম প্ৰবীণ চেতিয়া। এতিয়া সেই প্ৰবীণ চেতিয়াই দিন হাজিৰা কৰিও চলাব পৰা নাই পেট।

পৰিয়ালৰ পৰা বিচ্ছেদ হৈ ক্ৰমাৎ মানসিক ভাৰসাম্য হেৰুওৱা অনাতাঁৰ শিল্পী প্ৰবীণ চেতিয়াই এতিয়া অৰ তৰ পৰা খুজি মাগি খাই আছে। তেখেতৰ ওচৰত নাই কোনো। একালৰ সহশিল্পী সকলেও কোনো খবৰ কৰা নাই প্ৰবীন চেতিয়াৰ।

Photo Credit: @hassinuralom