25.8 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰঙাঘৰত বগাভাত খাবলৈ বাধ্য! আৰক্ষীৰ জালত পৰা দিবন ডেকাই ঘটাব পাৰে মুখে মুখে প্ৰচলিত সেই কথাৰ বিস্ফোৰণ…

    অৱশেষত আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰিৰ কেলেংকাৰীত নাম সাঙুৰ খোৱা দিবন ডেকা। পাটাছাৰকুছীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডেকাক লৈ আহে গুৱাহাটীলৈ। কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখালৈ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনা হয় দিবন ডেকাক।

    অসম আৰক্ষীৰ উপ পৰিদৰ্শক বাচনিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত হোৱা কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতে বিজেপি নেতাগৰাকীৰ নাম এই ঘটনাত সাঙুৰ খাইছিল। পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ হৈছিল দিবন ডেকাক গ্ৰেপ্তাৰ কৰাৰ বাবে।

    উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড হিচাপে খ্যাত প্ৰশান্ত কুমাৰ দত্ত বৰ্তমানো পলাতক হৈ আছে। অৱসৰপ্ৰাপ্ত ডিআইজিগৰাকীক বিচাৰি অভিযান চলাই থকা হৈছে যদিও এতিয়াও এই সম্পৰ্কত বিশেষ কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

    পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিওতালৈ আৰক্ষীয়ে পুৰস্কাৰ হিচাপে ১ লাখ টকা দিয়াৰ কথাও ঘোষণা কৰিছিল। ইতিমধ্যে কুৰিৰোধিক লোকক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী দলে। ইফালে পি কে দত্তৰ কেবাখনো হোটেল আৰু ঘৰতো অভিযান চলাই বহুখিনি তথ্য লাভ কৰিছে।

    অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰসংগত দিছপুৰ পৰ্যন্ত চাঞ্চল্যৰ সৃষ্টি হৈছিল। ব্যৰ্থতাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যিক আৰক্ষী নিযুক্তি বোৰ্ডৰ পৰা অব্যাহতি লৈছে অধ্যক্ষ প্ৰদীপ কুমাৰে।

    অব্যাহতি পত্ৰত তেওঁ লিখিছিল, ”মেধা আৰু যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলে যাতে কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰে তাৰ বাবে অসম চৰকাৰে মোৰ ওপৰত ৰাজ্যিক আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ দায়িত্ব অৰ্পন কৰিছিল। সম্পূৰ্ণ স্বচ্ছতাৰে যাতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ বাবে মই সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে দায়িত্ব পালন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিলো। কিন্তু দুষ্টচক্ৰৰ ষড়যন্ত্ৰৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক পদৰ চাকৰিত বিসংগতি সংঘটিত হ’ল।”

    সেই সময়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে প্ৰকাশ কৰিছিল যে, প্ৰশ্ন কাকত ফাদিল হোৱা বুলি দিবন ডেকা নামৰ লোকজনে গৌতম মেচ নামৰ এজন লোকৰ জৰিয়তে অৱগত কৰাইছিল বিষয়াগৰাকীক। তাৰ পিছতে তেওঁলোকক লগত লৈ চিআইডিত গোচৰ দিছিল প্ৰদীপ কুমাৰে। লগতে তেওঁলোকক চিআইডিৰ হাততে গতাই আহিছিল।

    পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন শৃংখলা) জি পি সিঙে উপযুক্ত প্ৰমাণ নথকাৰ বাবেই দিবন ডেকাক যাবলৈ দিয়া হয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

    ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দিবন ডেকা নামৰ লোকজনে কেতবোৰ কথা ফেচবুকত লিখিছিল। যিসমূহ কথাই এই প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাত কেনে লোক জড়িত থাকিব পাৰে তাৰ ইংগিত দিছিল। ‘মই ঠিক ১১ টা বাজি ২৮ মিনিটত WHAT’S APP যোগে প্রশ্নকাকতখন পাইছিলোঁ। লগে লগে মই প্ৰদীপ কুমাৰ ছাৰক গৌতম মেচৰ জৰিয়তে অৱগত কৰিছিলোঁ।’

    গ্ৰেপ্তাৰ আৰু আটক কৰা লোকৰ তালিকাখন দীঘলিয়া হৈ গৈ আছে। কিন্তু বিচাৰি পোৱা হোৱা নাছিল পি কে দত্ত আৰু দিবন ডেকাক। অৱশেষত দিবন ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এতিয়াও সন্ধান নাই পি কে দত্তৰ।

    এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱাসকলৰ একাংশ…

    • এতিয়ালৈ ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে
    • ১) সঞ্জীৱ শৰ্মা
    • ২)কুশল দাস
    • ৩) প্ৰাঞ্জল শর্মা
    • ৪) অলকেশ বৈশ্য
    • ৫) বিমল থাপা
    • ৬) প্ৰণৱ বৰা
    • ৭)অশোক দাস
    • ৮) ধ্ৰুৱজ্যোতি দাস
    • ৯) কুলদ্বীপ ৰাজবংশী
    • ১০) ৰাহুল দাস
    • ১১) ৰূপম ডেকা
    • আনহাতে CID ৰ জালত –
    • ১) হিৰকজ্যোতি বৰুৱা
    • ২) জয়দীপ বৰুৱা
    • ৩) আনুৱাৰ হুছেইন- পি কে দত্তৰ পত্নীৰ গাড়ীচালক
    • ৪) জনৈক তিৱাৰী- প্ৰাৰ্থী
    • নলবাৰীৰ পৰা গ্ৰেপ্তাৰ:
    • ১) কুলদ্বীপ ৰাজবংশী
    • ২) সঞ্জীৱ বৰ্মন
    • ৩)মৃদুল বৰ্মন
    • ৪) হৰকত আলি
    • ৫) পাৰ্থ প্ৰতিম পাঠক
    • ৬) ধ্ৰুৱজ্যোতি বৰুৱা

    কেৱল এটা খবৰ দিয়ক ক’ত আছে আৰু লৈ যাওঁক অসম আৰক্ষীৰ পৰা ২ লাখ টকা!

    উল্লেখ্য যে, অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। কিন্তু ৫৯৭ টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে আধাতে সামৰিবলগীয়া হৈছিল পৰীক্ষা। ৰাজ্যিক আৰক্ষী নিযুক্তি বোৰ্ডে অনুষ্ঠিত কৰা এই পৰীক্ষাত ৬৬ হেজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং