30 C
Guwahati
Saturday, October 16, 2021
More

    অন্য এক নতুন ৰূপত দেখিবলৈ পোৱা যাব মহেন্দ্ৰ সিং ধোনীক, ৰক্ষা মন্ত্ৰালয়ে দিলে বিশেষ স্থান…

    অন্য এক নতুন ৰূপত দেখিবলৈ পোৱা যাব মহেন্দ্ৰ সিং ধোনীক, ৰক্ষা মন্ত্ৰালয়ে দিলে বিশেষ স্থান

    ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এটাৰ পিছত আন এটা ভাল খবৰ। কিছুদিন পূ্ৰ্বে তেওঁক বিচিচিআইয়ে ভাৰতীয় ক্ৰিকেট দলৰ টি-২০ বিশ্বকাপৰ মেন্টৰ হিচাপে ঘোষণা কৰে আৰু এতিয়া ধোনীয়ে নেছনেল কেডাৰ কোৰ(এন চি চি)ক নতুন ৰুপ দিবলৈ গঠন হোৱা এক সমিতিত স্থান লাভ কৰে।

    উল্লেখ্য যে, এন চি চিক আৰু অধিক প্ৰাসংগিক কৰি তোলা আৰু ইয়াৰ ব্যাপক সমীক্ষাৰ বাবে ৰক্ষা মন্ত্ৰালয়ে এক উচ্চস্তৰীয় সমিতি গঠন কৰিছে। এই সমিতি খনত স্থান লাভ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।ধোনীয় ইয়াৰ পূৰ্বেও ভাৰতীয় সেনাৰ লগত জড়িত আছিল আৰু তেওঁৰ ওচৰত লেফ্টেনেন্ট কৰ্নলৰ ৰেংকো আছে।

    ৰক্ষা মন্ত্ৰালয়ে কয় যে সমিতিৰ অধ্যক্ষতা প্ৰাক্তন সাংসদ বৈজয়ন্ত পাণ্ডাই কৰিব। ১৫ জনীয়া এই সমিতি খনত মহিন্দ্ৰা গ্ৰুপৰ আনন্দ মহিন্দ্ৰাও আছে।

    আৰু পঢ়ক : সোণোৱাল চৰকাৰৰ দিনৰ APDCLপৰীক্ষা কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং