
আজি ২৪ ঘণ্টীয়া ধেমাজি জিলা বন্ধৰ আহ্বান AJYCPৰ। পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া আহ্বান জনাইছে বন্ধৰ। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত AJYCPৰ কৰ্মী সকলৰ। বিজেপি কৰ্মীয়ে AJYCP কৰ্মীক প্ৰহাৰ, অশ্লীল গালি-গালাজ কৰাৰ প্ৰতিবাদত আক্ৰমণত জড়িতক কৰায়ত্তৰ দাবীৰে এই বন্দৰ আহ্বান।
উল্লেখ্য যে, যোৱা ২৯ ফেব্ৰুৱাৰীত ধেমাজীত ক’লা পতাকা প্ৰদৰ্শনক লৈয়ে সৃষ্টি হৈছিল সংঘাটৰ। ধেমাজিৰ বিধায়ক ডা০ ৰনোজ পেগুৰ উপস্থিতিতে বিজেপি কৰ্মীক প্ৰহাৰৰ অভিযোগ। ধেমাজিৰ পাঁচ আলিত বিজেপিৰ গ্ৰাম্য মণ্ডলৰ এক কায্যনিৰ্বাহক সভালৈ আহিছিল বিধায়ক ৰনোজ পেগু। সেই সভাতেই পেগুৰ আগমনক লৈ ক’লা পতাকা প্ৰদৰ্শন কৰিছিল AJYCPৰ সদস্যই৷
ধেমাজি জিলা বিজেপিৰ গ্ৰাম্য মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ সমীপত ক’লা পতাকা দেখুওৱা যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু স্থানীয় মহিলাক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ আহিছিল। সেই বিজেপি কৰ্মী সকলকে কৰায়ত্ব কৰাৰ দাবী ধেমাজী যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ।
Input And Photo Credit: Jayanta Borah