25 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ঢেকিয়াজুলি হত্যাকাণ্ড! দোষীৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ গাঁৱবাসীৰ

    ঢেকিয়াজুলি হত্যাকাণ্ড! দোষীৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ গাঁৱবাসীৰ

    ফেব্ৰুৱাৰীত ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত চপাই বালিগাঁৱত এক নৃশংস ঘটনা সংঘটিত হৈছিল। অচিনাকী দুৰ্বৃত্তই নিশা প্রায় ৮ মান বজাত ঘৰত সোমাই মোনা ৰাভাৰ পৰিয়ালটিক চোকা অস্ত্ৰৰ দাৰে হানি-খুচি আৰু ঘপিয়াই আহত কৰিছিল । ফলত মোনা ৰাভাৰ পত্নী জিলি ৰাভাক চিকিৎসায়লৈ লৈ যোৱাৰ পথতে কৰুণ মৃত্যুক আঁকোৱালি লয় ।

    কেৱল ইমানতে ক্ষান্ত নাথাকি, দুৰ্বৃত্তই ৪ বছৰীয়া কণমানি( কৰবী ৰাভা) এজনীকো মুখত দাৰে ঘপিয়াই আহত কৰে আৰু ১২ বছৰীয়া কৰবী ৰাভা নামৰ কিশোৰীজনীক বস্ত্ৰহীন কৰি অপহৰণ কৰি লৈ যায়। ইয়াৰ পিছতে চাৰিদিন পিছত খেতি পথাৰৰ মাজত উদ্ধাৰ হয় মৃতদেহ।

    কিন্তু আজি এসপ্তাহ উকলি যোৱাৰ পিছতো এই ঘটনাত জড়িত দুৰ্বৃত্তক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আজি ঢেকীয়াজুলিত নিখিল ৰাভা ছাত্ৰ সন্থা,নিখিল ৰাভা মহিলা পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সহযোগত আছু,আক্ৰাছু ,আটছা,আমছু , AJYCP,বজৰং দল,বেংগলী যুৱ ছাত্ৰ ফেডাৰেছন আদিকে ধৰি ২০ টা সংগঠনে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি ৪৮ ঘণ্টাৰ ভিতৰত কৰায়ত্ত্ব কৰি হত্যাকাৰীক ফাঁচিৰ দাবীত কৰে।

    লগতে আহত কণমানি সেৱা ৰাভাৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা,মৃত জিলি ৰাভা আৰু কৰবী ৰাভাৰ পৰিয়ালটিক অতি কমেও ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া আদিৰ দাবীত সহস্রাধিক লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

    অসম চৰকাৰৰ হাই-হাই,বিজেপি চৰকাৰ মূৰ্দাবাদ, আৰক্ষী- প্ৰশাসনৰ কাম নাই ,অশোক সিংহল হাই-হাই,হত্যাকাৰীক ফাঁচী দিয়ক আদি ধ্বনিৰে কঁপাই তোলে ঢেকীয়াজুলিৰ ৰাজপথ। সহস্রাধিক লোকে হাতত বেনাৰ লৈ ঘেৰাও কৰে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি ন্যায় প্ৰদানৰ দাবীত ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰও প্ৰদান কৰে ।

    ইফালে যদিহে হত্যাকাৰীক ৪৮ ঘন্টাৰ ভিতৰত কৰায়ত্ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাত ব্যর্থ হ’লে ৰাভা জাতীয় সংগঠনসমূহে আৰু ভয়াবহ প্ৰতিবাদী কাৰ্যসুচী ল’বলৈ বাধ্য হ’ব বুলি জনায়।

    আৰু পঢ়ক : ”অহা মাহত ভাল খবৰ দিম আপোনালোকক” অসমবাসীৰ বাবে কি ভাল খবৰ DSP হিমা দাসৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং