23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু কৰ্যসূচী বাতিল

    ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু কৰ্যসূচী বাতিল

    লখিমপুৰ জিলাৰ ঢকুৱাখনাত উদযাপিত হোৱা ঐতিহ্যমণ্ডিত ফাটবিহু কৰ্যসূচী বাতিল। কভিডৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ বিহু কমিটিৰ। আজি এই ফাটবিহু বাতিল কৰাৰ কথা আনুষ্ঠানিক ভাৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে ফাটবিহু সমিতিয়ে।

    অহা ৭, ৮ আৰু ৯ মে’ত ঢকুৱাখনাৰ চাৰিকৰীয়া নদীৰ পাৰৰ মহঘুলি চাপৰিত অনুষ্ঠিত হোৱাৰ কথা আছিল এই বৰ্ষৰ ফাটবিহু। উল্লেখযোগ্য যে যোৱা বছৰো কৰুণাৰ বাবে ফাটবিহু উদযাপন কৰা হোৱা নাছিল।

    ঢকুৱাখনাৰ কাষেদি বৈ যোৱা চাৰিকড়িয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত অনুষ্ঠিত হোৱা ফাট-বিহুত আহোম, চুতীয়া, কৈৱর্ত, মিচিং, দেউৰী আদি বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে।

    Input and Photo- Jintu Konch

    আৰু পঢ়ক : স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক- ১ হাজাৰ আক্ৰান্ত প্ৰতিদিনে চিনাক্ত হ’লে বাতিল কৰিব লাগিব মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং