নতুন সন্ত্ৰাসবাদী সংগঠন NLFB ৰ লগত জড়িত আছে ৰাজনৈতিক নেতা! আৰক্ষীয়ে লাভ কৰিছে তথ্য…

0
189
নতুন সন্ত্ৰাসবাদী সংগঠন NLFB ৰ লগত জড়িত আছে ৰাজনৈতিক নেতা! আৰক্ষীয়ে লাভ কৰিছে তথ্য...

নতুন সন্ত্ৰাসবাদী সংগঠন NLFB ৰ লগত জড়িত আছে ৰাজনৈতিক নেতা! আৰক্ষীয়ে লাভ কৰিছে তথ্য…

আজি ধুবুৰীত DGP ভাস্কৰজ্যোতি মহন্তৰ এক সংবাদমেল অনুষ্ঠিত হয়। এই সংবাদমেলত ধুবুৰী জিলাৰ লগতে দক্ষিণ শালমাৰা SP, BSF, CRPF, ITBPB ৰ লগতে প্ৰতিখন থানা ৰ OC ৰ লগত আলোচনা হয় ।

বাংলাদেশ আৰু পশ্চিম বংগৰ সীমামূৰীয়া হোৱাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান ধুবুৰী জিলাত। উল্লেখ্য যে, BTR ত জানুৱাৰী মাহৰ ১তাৰিখৰ পৰা আজি পৰ্যন্ত ৬৭ টা AK 47 উদ্ধাৰ হৈছে ।

কালি BTRত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰৰ লগতে খাদ্য ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে। সংবাদমেলত কয় যে অসম আৰক্ষীৰ দৃষ্টি ৰ পৰা কোনেও সাৰি থাকিব নোৱাৰে।

এই ক্ষেত্ৰত সন্ত্ৰাসবাদী সংগঠন NLFB জড়িত থকাৰ কথা ঘোষণা। লগতে কোৱা হয় যে কোন কোন ৰাজনৈতিক নেতা NLFB ৰ লগত জড়িত আছে আৰক্ষীয়ে তথ্য লাভ কৰিছে সময়ত ৰাইজে গ’ম পাব।

আৰু পঢ়ক : দ্বিতীয় স্বামীৰ পিছত দেওৰেকৰ প্ৰেমত হাবু ডুবু মহিলাঃ স্বামী, সন্তানসহ পৰিয়ালৰ ১০ গৰাকী লোকক খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই খুৱাই দুয়ো পলাই গ’ল ঘৰৰ পৰা