মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড ! জুইত জাহ গ’ল ১৫০ ত কৈও অধিক বাসগৃহ

0
141

মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড ! জুইত জাহ গ’ল ১৫০ ত কৈও অধিক বাসগৃহ

মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড |

ফটাশিল আমবাৰীৰ কামাখ্যাৰাম বৰুৱা মহাবিদ্যালয়ৰ পাছফালে থকা হৰিজন কলনিত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডটো |

এই পৰ্যন্ত প্ৰায় ১৫০ ত কৈও অধিক বাসগৃহ সম্পূৰ্ণভাৱে জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডটোত প্ৰায় ১৫ টা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে। অৱশ্যে অগ্নিকাণ্ডটোৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।