21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অনলাইন ক্লাছৰ বাবে দিছিল দেউতাকৰ ডক্যুমেণ্টছঃ প্ৰতি মাহে একাউণ্টৰ পৰা কৰ্তন কৰে ২০০০ টকাৰ ই এম আই

    দেশজুৰি সক্ৰিয় হৈছে ভুৱা অনলাইন প্ৰতিষ্ঠানসমূহ। অনলাইন ক্লাছৰ বাবে দেউতাকৰ ডক্যুমেণ্টছ দিছিল পুত্ৰই, এতিয়া পৰিল অথন্তৰত।

    গাজিয়াবাদত সংঘটিত হৈছে এই ঘটনা। দিল্লী এন চি আৰ নামৰ এটা প্ৰতিষ্ঠানে অনলাইন ক্লাছৰ নামত ফৰ্ম ফিলআপ কৰিবলৈ দি ট্ৰাইল ক্লাছ কৰিবলৈ দিছিল এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰক।

    লগতে ছাত্ৰজনক পিতৃৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টো বিচাৰিছিল।

    ইয়াৰ পাছতে শেহতীয়াকৈ ভুক্তভোগী দিলদাৰ সিঙে বেংকলৈ যাওঁতে তেওঁৰ একাউণ্টৰ পৰা মাহে ২০০০ টকাকৈ ইএমআই কৰ্তন কৰাৰ কথা গম পায়। লগে লগে তেওঁ সোধ-পোছ কৰাত গম পাই যে তেওঁৰ একাউণ্টৰ পৰা ৫০০০০ টকাৰ লোণ লোৱা হৈছিল। জানিব পৰামতে বাজাজ ফাইনেন্সৰ পৰা লোনটো লোৱা হৈছিল।

    কিন্তু তেওঁৰ একাউণ্টত এটকাও সোমোৱা নাই। লগে লগে তেওঁ আৰক্ষীৰ থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে।

    আৰু পঢ়ক : ল’জাই হত্যাকাণ্ডঃ মৰিয়াই মৰিয়াই হত্যা কৰিছিল ল’জাইক, সাত হত্যাকাৰীক গ্ৰেপ্তাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং