টিকটকেই কাল হ’ল দেৰগাঁৱৰ যুৱকৰ; আৰক্ষীৰ গাড়ী দেখি পলাওতে সাৱটিলে মৃত্যুক

দেৰগাঁৱৰ ৰঙামাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন

0
82

দেৰগাঁৱৰ ৰঙামাটিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। টিকটকেই কাল হ’ল এজন যুৱকৰ বাবে। টিকটক ভিডিঅ’ নিৰ্মাণ কৰি থাকোতে দুৰ্ঘটনাত পতিত হৈ এজন যুৱকে মৃত্যুক আঁকোৱালি ল’লে। মৃত যুৱকজনৰ নাম মুন্না মোদী।

দেৰগাঁৱৰ ৰঙামাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টিকটক বনাই থাকোতেই বাইকে মহতিয়ালে যুৱকজনক। ৰাজপথত টিকটক বনাই থাকোতেই আৰক্ষীৰ গাড়ী দেখি দৌৰি পলাব খুজিছিল মুন্না মোদী।

দৌৰি পলাওতেই এখন বাইকে মহতিয়াই নিলে যুৱকজনক। দেৰগাঁও আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।

Photo: Time8