31 C
Guwahati
Saturday, August 6, 2022
More

    হাস্পতালৰ পৰা সন্ধানহীন ৰোগী, ১ তাৰিখৰ পৰাই নাই কোনো খবৰ…

    হাস্পতালৰ পৰা সন্ধানহীন ৰোগী, ১ তাৰিখৰ পৰাই নাই কোনো খবৰ…

    গুৱাহাটী মেডিকেল কলেড হাস্পতালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৬৫বছৰীয়া এগৰাকী ৰোগী ১আগষ্টৰ পৰা সন্ধানহীন হৈ আছে হাস্পতালখনৰ পৰা।

    বৰ্তমানলৈ কোনো সন্ধান নাই লোকগৰাকী সন্দৰ্ভত। হাস্পতালৰ চিচি টিভি কেমেৰাত আৱদ্ধ লোকগৰাকীৰ হাস্পতালৰ পৰা ওলাই যোৱা দৃশ্য।

    আনহাতে পৰিয়ালৰ লোকৰ অভিযোগ হাস্পতাল কৰ্তৃপক্ষই কিন্তু ঘটনাটো গাপ দিয়াৰ লগতে কোনো দায়ত্ব লোৱা নাই ।

    সন্ধীনহোৱা লোকগৰাকীৰ নাম দিলীপ দাস। ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটি কৈৱৰ্ত্ত গাঁৱৰ।

    লোকগৰাকীৰ সন্দৰ্ভত আজি ৬ আগষ্ট তাৰিখ পৰ্যন্ত কতো কোনো খা খবৰ নোহোৱাত উপায়হীন পৰিয়াল টো অৱশেষত ঘূৰি যায় দেৰগাঁৱলৈ।

    ঘটনা সন্দৰ্ভত ইতিমধ্যে ভাঙাগড় থানাত গোচৰ ৰুজু হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং