29 C
Guwahati
Thursday, October 21, 2021
More

    পুতলাৰ ভিতৰত নিষিদ্ধ ড্ৰাগছ কণ্টেইনাৰ উদ্ধাৰ; এগৰাকী মহিলা ব্যৱসায়ীক আটক

    পুতলাৰ ভিতৰত নিষিদ্ধ ড্ৰাগছ কণ্টেইনাৰ উদ্ধাৰ; এগৰাকী মহিলা ব্যৱসায়ীক আটক

    আজি পুৱা থাওৰা চাহ বাগিচাত মৰাণ হাটখোলাৰ ৰাহুল দাস (২২) আৰু মৰাণ আহোম গাঁৱৰ বিতোপন বৰুৱা (২৪) নামৰ দুই ড্ৰাগছ আসক্ত যুৱকক এছ ৩৩-৩২০৬ নম্বৰৰ এখন স্কুতি, এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ ৰাইজে আটক কৰি ডিমৌ আৰক্ষীক গতাই দিয়ে।

    ইয়াৰ পাছতে উক্ত ড্ৰাগছ আসক্ত যুৱকদ্বয়ৰ তথ্যৰ ভিত্তিত ডিমৌ আৰক্ষীয়ে দিহাজান এন চি চি ৰোডৰ নিবাসী নাজিম আহমেদৰ পত্নী জেকীয়া বেগম নামৰ ড্ৰাগছ বেপাৰী মহিলাগৰাকীৰ বাসগৃহত আৰক্ষীৰ এটা দলে গধূলি অভিযান চলাই ১১ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰত মুঠ ১২৫.৮৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

    ইয়াৰ পূৰ্বেও ড্ৰাগছ বেপাৰী জেকীয়া বেগমৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছিল যদিও ধুৰন্ধৰ মহিলাগৰাকীয়ে আৰক্ষী অহাৰ উমান পাই নিষিদ্ধ ড্ৰাগছৰ পেকেট সমূহ এটা পুতলাত লুকুৱাবলৈ সক্ষম হৈছিল।

    লগতে আৰক্ষীৰ অভিযানৰ সময়ত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ লগত তৰ্কত লিপ্ত হোৱাৰ উপৰি আৰক্ষীৰ সন্মুখতে সাংবাদিকৰ মোবাইল পৰ্যন্ত কাঢ়ি লৈছিল।

    ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ শইকীয়া আৰু দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল শইকীয়া আৰু উপ-পৰিদৰ্শক প্ৰবীণ বেই আজি সন্ধিয়া মহিলা গৰাকীৰ ঘৰৰ পৰা এই ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সমূহ জব্দ কৰিবলৈ সক্ষম হয়।

    ইনপুট : ইফটিকাৰ ৰহমান

    আৰু পঢ়ক : শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৃথুৰাম বৰুৱাৰ বিয়োগ;অসম সাহিত্য সভাৰ শোক প্ৰকাশ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং