30 C
Guwahati
Tuesday, September 27, 2022
More

    বজাৰত পাবলৈ নাই জাতীয় পতাকা ! ১০ গুণ বৃদ্ধি পাইছে পতাকাৰ চাহিদা

    বজাৰত পাবলৈ নাই জাতীয় পতাকা ! ১০ গুণ বৃদ্ধি পাইছে পতাকাৰ চাহিদা

    দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবাৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে ইয়াক আজাদী কা অমৃত মহোৎসৱ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছে।

    স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে প্ৰতিটো ঘৰত ত্ৰিৰংগা (হৰ ঘৰ তিৰঙ্গা) উত্তোলন কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে সকলোকে আহ্বান কৰিছিল।

    প্ৰধানমন্ত্ৰী গৰাকীৰ এই অভিযানক এতিয়া দেশৰ প্ৰায় নাগৰিকে সমৰ্থন কৰিছে।প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো ঘৰতে পতাকা উত্তোলন কৰিবলৈ কোৱাৰ বাবে এতিয়া বজাৰত পতাকাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

    ব্যৱসায়ীসকলে বৃহৎ সংখ্যক পতাকা বনোৱাৰ নিৰ্দেশ পাইছে বুলি তেওঁলোকে জানিবলৈ দিছে। গ্ৰাহক সকলে ১০০ টকাৰ পৰা ১০০০ টকা পৰ্যন্ত পতাকা ক্ৰয় কৰিছে।

    এইবাৰ বজাৰত কাগজৰ পতাকাত কৈ কাপোৰৰ পতাকাৰ চাহিদা ১০ গুণ বৃদ্ধি পাইছে। বজাৰত এতিয়া পতাকা কিনিব নোপোৱাৰ বাবে বহুলোকে নিৰাশ হৈ ঘৰলৈ ওভতি গৈছে।

    পতাকাৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে দিল্লীৰ বজাৰত পতাকাৰ দাম বৃদ্ধি হৈছে। যোৱাতো বছৰত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কেৱল মাত্ৰ কেইখনমান পতাকা হে বৃক্ৰি হৈছিল । কিন্তু এইবাৰ বজাৰত পতাকাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং