24.1 C
Guwahati
Saturday, September 18, 2021
More

    এক হত্যাকাণ্ডৰ গোচৰত দিল্লী আৰক্ষীৰ ৱাণ্টেড লিষ্টত অলিম্পিক পুৰস্কাৰ বিজেতা

    এক হত্যাকাণ্ডৰ গোচৰত দিল্লী আৰক্ষীৰ ৱাণ্টেড লিষ্টত অলিম্পিক পুৰস্কাৰ বিজেতা

    অলিম্পিক পুৰস্কাৰ বিজেতা মল্ল যুজাৰু সুশীল কুমাৰ দিল্লী অপৰাধ আৰক্ষী শাখাৰ ৱাণ্টেড লিষ্টত। এক হত্যাকাণ্ডৰ গোচৰত দিল্লী আৰক্ষীয়ে সন্ধান চলাই আছে খেলুৱৈ গৰাকীৰ।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দিল্লীৰ মডেল টাউন অঞ্চলৰ এক মল্লযুঁজ শিকাৰ স্থলীত কোনো কথা বতৰাক লৈ মল্ল যুজাৰু ছাত্ৰ সকলৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। মাৰপিট কৰাৰ ফলত কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হয়।

    কেউজনকে হাস্পতালত ভৰ্তি কৰোৱাই যদিও চিকিৎসাধীন অৱস্থাতে এজনৰ মৃত্যু হোৱাত পৰিস্থিতি বিষম হৈ পৰে। পিছত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

    তেতিয়াই সমুখলৈ আহে যে, সেই মাৰপিটৰ ঘটনাত অলিম্পিক খেলুৱৈ তথা বঁটা বিজয়ী সুশীল কুমাৰো জড়িত। সেয়ে গোচৰত সুশীল কুমাৰৰ নামো সন্নিৱিষ্ট কৰে দিল্লী আৰক্ষীয়ে। আৰু ঘটনা বাবে অন্য অভিযুক্তৰ সৈতে সুশীলৰো সন্ধান চলাই আছে।

    আৰু পঢ়ক : অসমে লাভ কৰিলে কভিশ্বিল্ড ভেকচিনৰ আৰু এক লাখ ড’জ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং