নিৰ্ভয়া কাণ্ডতকৈয়ো অধিক পাশৱিকতা! প্ৰথমে ২ দিন ধৰি দলবদ্ধ ধৰ্ষণ, শেষত জীৱিত অৱস্থাৰেই হাত-ভৰি বান্ধি বস্তাত ভৰাই পেলাই থৈ যায় পথত

0
80
প্ৰতিনিধিত্বমূলক ছবি

নিৰ্ভয়া কাণ্ডতকৈয়ো অধিক পাশৱিকতা! প্ৰথমে ২ দিন ধৰি দলবদ্ধ ধৰ্ষণ, শেষত জীৱিত অৱস্থাৰেই হাত-ভৰি বান্ধি বস্তাত ভৰাই পেলাই থৈ যায় পথত।

ভাতৃৰ জন্মদিন খাই উভতি অহাৰ সময়তে এগৰাকী ৪০ বৰ্ষীয় মহিলাৰ সৈতে এদল নৰপিশাচে কৰে পৈশাচিকতাৰ সীমা চেৰাই যোৱা কাণ্ড। দিল্লীৰ নিৰ্ভয়াৰ দৰেই ধৰ্ষণৰ লগতে কৰে পৈশাচিকতা।

কেৱল সিমানেই নহয়, দুদিন ধৰি এই সকলো কাণ্ড কৰি উঠাৰ পাছত জীৱিত অৱস্থাতেই হাত-ভৰি বান্ধি বস্তাত ভৰাই পেলাই থৈ যায় পথত। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিল্লী এন চি আৰৰ গাজিয়াবাদত।

যি ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ দেশ। দেওবাৰে নিশা প্ৰায় ৯.৩০ মান বজাত ভাতৃৰ জন্মদিনৰ পাৰ্টীৰ পৰাই উভতি আহি আছিল মহিলাগৰাকী। সেই সময়তে ৰাজপথতে মহিলাগৰাকীক অপহৰণ কৰি নিয়ে ৫জনীয়া পাষণ্ডৰ দলে।

আৰু দুদিন ধৰি আৱদ্ধ কৰি ৰাখি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ লগতে শৰীৰত সুমুৱাই দিয়ে লোহাৰ ৰ’ড । অৱশেষত কেৱল প্ৰাণটোহে থাকে মহিলাৰ। তেনে অৱস্থাৰেই হাত-ভৰি বান্ধি বস্তাত ভৰাই তেজেৰে লুতুৰি-পুতুৰি অৱস্থাৰেই পেলাই থৈ যায় পথৰ কাষত।

আৰক্ষীয়ে মঙলবাৰে পুৱা প্ৰায় ৪ মান বজাত তেজ ওলাই থকা বস্তাটো দেখি কাষ চাপি বস্তা খুলি দেখি আচৰিত হৈ পৰে। লগে লগে মহিলাগৰাকীক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰায়।

মহিলাগৰাকীৰ অৱস্থা ইমানেই অধিক বেয়া আছিল যে, স্থানীয় হাস্পতালে মহিলাৰগৰাকীৰ চিকিৎসা কৰিবলৈ ভয় কৰে, মহিলাগৰাকীয়েও সেই হাস্পতালৰ চিকিৎসক তাইৰ ওচৰলৈ যাব দিয়া নাছিল।

যাৰ বাবে দিল্লীৰ এখন হাস্পতাললৈ প্ৰেৰণ কৰে। যি হাস্পতালত ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে পূৰ্বে নাৰ্চ হিচাপে কাম কৰিছিল।

বৰ্তমানে জীৱন-মৃত্যুৰে দিল্লীৰ হাস্পতালত ভৰ্তি হৈ আছে মহিলাগৰাকী। চিকিৎসকে সদৰি কৰা অনুসৰি, এয়া সম্পূৰ্ণ নিৰ্ভয়াৰ দৰেই কাহিনী। এক কথাত কবলৈ গ’লে নিৰ্ভয়াতকৈয়ো অধিক বেয়া অৱস্থা।

চিকিৎসকে জানিব দিয়া অনুসৰি মহিলাগৰাকৰ শৰীৰৰ পৰা ৫-৬ ইঞ্চিমানৰ দীঘল জিভা পৰিষ্কাৰক (tongue cleaner) এডালো উদ্ধাৰ কৰিছে।

দিল্লী আৰক্ষীয়ে বৰ্তমানে মহিলাগৰাকীৰ যিমান দূৰ সম্ভৱ সাক্ষ্য গ্ৰহন কৰি তদন্ত আৰম্ভ কৰিছে।