
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰ-পূব দিল্লীত অব্যাহত থকা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ পিছত হিংসাত্মক ঘটনাসমূহ হ্ৰাস পাই যদিও নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি। এই হিংসাত্মক প্ৰতিবাদত বৰ্তমানলৈ ২২জন লোকে প্ৰাণ হেৰুৱাইছে। প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত। হিংসা প্ৰভাৱ পৰা এলেকাসমূহত প্ৰতিবাদ সাব্যস্ত কৰা দেখিলে গুলি চলোৱাৰ আদেশ প্ৰদান কৰে আৰক্ষীসকলক।
উত্তৰ-পূব দিল্লীৰ হিংসাত প্ৰতিবাদকাৰীয়ে IB কৰ্মচাৰী অংকিত শৰ্মাক হত্যা কৰি মৃতেদহ নলাত পেলাই দিয়ে। আজি আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। মৃত লোকজন খজুৰীৰ বাসিন্দা। মঙলবাৰে সন্ধিয়া কাৰ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ঘটনা। চান্দ বাগত কেইজনমান লোকে তেওঁক ঘেৰাও কৰাৰ অভিযোগ। তেওঁক কোবাই কোবাই হত্যা কৰে।
দিল্লী এগৰাকী বিষয়াই ক’লে যে IB কৰ্মচাৰীজনৰ মৃতদেহ লোকজনৰ ঘৰৰ সমীপতে উদ্ধাৰ হৈছিল। শিলাবৰ্ষণৰ বাবে লোকজনে প্ৰাণ হেৰুৱাৰ সন্দেহ। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
Photo credit: truescoopnews.com