
ৰাজ্যজুৰি অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। CABৰ বিৰুদ্ধে মাত মাতিবলৈ বিভিন্ন দল-সংগঠনৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো আহিছে ওলাই। অসমৰ লগতে বাহিৰৰ শিক্ষানুষ্ঠানসমূহৰো ছাত্ৰ-ছাত্ৰীয়ে কৰিছে প্ৰতিবাদ।

CABৰ বিৰোধিতা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ ১২ গৰাকী অসমীয়া শিক্ষাৰ্থীয়ে এৰিলে ABVP। ABVPৰ North East Cellৰ বিভিন্ন দায়িত্বত আছিল অসমৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰী। ABVP ত্যাগ কৰা আটাইকেইগৰাকী শিক্ষাৰ্থীৰ নাম ক্ৰমে- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাধাৰণ সম্পাদক শেখ ৰাইছা তব্বচুম, যুটীয়া সম্পাদক লিজা গগৈ, যুটীয়া সম্পাদক বিষ্ণুপৰ্ণ দত্ত, Student Welfare President নিয়ৰ শৰ্মা, Student Welfare General Secretary তন্ময় মহন্ত, Cultural President সৃষ্টি দে’, Cultural Secretary
ৰিয়ান দত্ত, Student Welfare President শ্ৰদ্ধা সুমন চহৰীয়া, Literary President সাহিল আহমেদ, Coordinator অদিতি আৰু Social Media Head অনন্যা দত্ত।