26 C
Guwahati
Thursday, September 16, 2021
More

    পাকিস্তানৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি অহা ২ জন সন্ত্ৰাসবাদীসহ ৬ জনক গ্ৰেপ্তাৰ

    দিল্লী আৰক্ষীৰ বিশেষ কোষে পাকিস্তানৰ দ্বাৰা পৰিচালিত এটা সন্ত্ৰাসবাদী মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে। পাকিস্তানৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি অহা ২ জন সন্ত্ৰাসবাদীসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰে।

    উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পৰা এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে।

    বিশেষ চেলৰ বিশেষ চিপি নীৰজ ঠাকুৰে কয়, ‘আমি ৬ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছো যাৰ ভিতৰত ২ জনে পাকিস্তানৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে’।

    তেওঁ লগতে কয় যে চোৰাংচোৱা সংস্থাসমূহে মডিউলটোৰ বিষয়ে তথ্য লাভ কৰিছিল। অনুসন্ধানে প্ৰকাশ কৰিছিল যে তেওঁলোকৰ নেটৱৰ্ক কেইবাখনো ৰাজ্যত বিয়পি আছে।

    ৰাতিপুৱা মহাৰাষ্ট্ৰৰ কোটাৰ পৰা এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে ৩ জনক ইউপি এটিএছৰ সহায়ত আৰু ২ জনক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

    আৰক্ষীয়ে এই সন্ত্ৰাসবাদী কেইজনৰ পৰা ইটালীয়ান পিষ্টল, আই ই ডি, আৰ ডি এক্সৰ লগতে বিভিন্ন বিস্ফোৰক সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে।

    বিশেষ চিপিয়ে লগতে কয় যে সন্ত্ৰাসবাদীসকলে ২ টা দল গঠন কৰিছিল। দ্বিতীয় দলটোৰ কাম আছিল ভাৰতত উৎসৱৰ সময়ত সমগ্ৰ দেশজুৰি বিস্ফোৰণৰ বাবে চহৰ সমূহ চিনাক্ত কৰা।

    আমি ইনপুট পাইছিলো যিয়ে প্ৰকাশ কৰিছিল যে ভাৰতৰ কিছু অংশত সন্ত্ৰাসবাদী ঘটনা সংঘটিত হ’বলৈ গৈ আছে। এই তথ্য পোৱাৰ পিছতে অভিযান চলাই ৬ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো।

    আৰু পঢ়ক : অন্ত পৰিল ক্ৰিকেট কেৰিয়াৰ; অৱসৰৰ ঘোষণা ‘ইয়ৰ্কাৰ কিং’ লাছিথ মালিংগাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং