
বৰ্তমান সময়ৰ জীৱন যাত্ৰাত কেবৰ জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যথাসময়ত গন্তব্যস্থানত উপস্থিত হ’বলৈ কেবৰ প্ৰয়োজনীয়তাক সকলোৱে স্বীকাৰ কৰে। মবাইল ফ’নৰ জৰিয়তে অনলাইন কেব বুকিং কৰি যাত্ৰা কৰিবলৈ অতি সহজ। কিন্তু মাজে সময়ে বিবাদত পৰে কেবৰ যাত্ৰা। কেতিয়াবা যদি গ্ৰাহকে চালকৰ বিৰুদ্ধে অভিযোগ উঠায় আকৌ কেতিয়াবা চালকে গ্ৰাহকে ওপৰত। এইবাৰ এজন গ্ৰাহকে কেব চালকৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটো দিল্লীৰ।
পুনীত নামৰ এজন যুৱকে অফিচৰ পৰা ওলাই বন্ধুৰ ঘৰলৈ কেবত গৈ আছিল। গন্তব্যস্থল পোৱাত বাবলু নামৰ চালকজনে পুনীতক পাবলগীয়া ভাড়া বিচৰাত পুনীতে গাড়ীখন গলিৰ ভিতৰলৈ সোমোৱাই লৈ যাবলৈ কয়। বাবলুৱে গলিৰ ভিতৰত গাড়ীখন লৈ যাবলৈ অস্বীকাৰ কৰাত পুনীত ক্ষুণ্ণ হৈ পিছফালৰ পৰা বাবুলৰ কান্ধত এখন চুকা চুৰীৰে আক্ৰমণ কৰে। আহত বাবলুৱে লগালগ পুনীতক হাতেৰে গবা মাৰি ধৰি আৰক্ষীক খবৰ দিয়ে। খবৰ দিয়া মাত্ৰকেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পুনীতক আটক কৰে।
এতিয়া কথা হ’ল পুনীতে এখন চুকা চুৰী লগত লৈ ফুৰাৰ কি অৰ্থ? আৰক্ষীয়ে এই প্ৰশ্ন কৰাত পুনীতে কয় তেওঁ ফলমূল খাই বহুত ভালপায়। যাতে তেওঁ যেতিয়াই মন যায় তেতিয়াই ফলমূল কাটি খাব পাৰে সেইবাবেই চুৰীখন অনবৰতে বেগত ভৰাই থয়। এনেবোৰ ঘটনাই মানুহৰ মনলৈ প্ৰশ্ন আনে- অনলাইন কেব ব্যৱস্থা চালক আৰু গ্ৰাহক দুয়োৰে বাবে কিমান সুৰক্ষিত?