
পলিথিন বেগৰ ভিতৰত উদ্ধাৰ টুকুৰা টুকুৰ কৰা মহিলাৰ মৃতদেহ…
আৰক্ষীৰ তদন্তত দিল্লীত এগৰাকী মহিলাৰ মৃতদেহৰ কেইবাটাও টুকুৰা উদ্ধাৰ হৈছে। উল্লেখ্য যে, বৰ্তমানৰলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। হত্যা কৰাৰ পিছতে মৃতদেহটো কেইবাটাও টুকুৰা কৰি কাটি পেলোৱা হয়।
ইয়াৰ পিছত ইয়াক লুকুৱাবলৈ প্লাষ্টিকৰ পলিথিনত পেলাই দিয়া হৈছিল বুলি সন্দেহ কৰা হৈছে। কিন্তু গোন্ধ আহিবলৈ ধৰাতহে কোনো কোনো লোকে আৰক্ষীক খবৰ দিয়ে।
তথ্য অনুসৰি, বাছ ষ্টেণ্ডৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো। শনিবাৰে দুপৰীয়া ১২ বজাৰ ওচৰত ছান লাইট কলনী থানাৰ আৰক্ষীয়ে এই তথ্য লাভ কৰে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পলিথিনটো খুলি লোৱাত মহিলাগৰাকীৰ মৃতদেহৰ বহু টুকুৰা তাত উদ্ধাৰ হয়।
এতিয়ালৈকে আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। এফ এছ এলৰ দলটোৱে সেই স্থান পৰিদৰ্শন কৰি প্ৰমাণ সংগ্ৰহ কৰে। হত্যাৰ ৰহস্য সমাধানৰ বাবে স্থানীয় আৰক্ষী আৰু অপৰাধ শাখাও নিয়োগ কৰা হয়।