34 C
Guwahati
Wednesday, October 13, 2021
More

    ছয় মাহত ১ লাখ লোকক নিযুক্তি, ৮০ শতাংশ থলুৱাৰ বাবে সংৰক্ষণ; কেজৰিৱালৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

    দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই আম আদমী পাৰ্টি ক্ষমতালৈ আহিলে ৰাজ্যখনত ছয় মাহৰ ভিতৰতে ১ লাখ নিবনুৱাক নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

    কেজৰিৱালে নিযুক্তি সন্দৰ্ভত ঘোষণা কৰি পাহাৰীয়া ৰাজ্যখনত ছয় মাহৰ ভিতৰত ১ লাখ লোকক নিযুক্তি দিলে প্ৰতিখন ঘৰৰ এজনকৈ লোকক নিযুক্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে।

    আনহাতে, উত্তৰাখণ্ডৰ নিবনুৱা যুৱক সকলক প্ৰতিমাহে ৫০০০ টকাকৈ আগবঢ়োৱা হ’ব বুলিও কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে।

    আনহাতে, আম আদমী পাৰ্টি উত্তৰাখণ্ডৰ ক্ষমতালৈ আহিলে ৰাজ্যখনত চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ ক্ষেত্ৰত ৮০ শতাংশ স্থানীয় লোকক অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও লগতে কয়।

    নিযুক্তি সন্দৰ্ভত সকলো কাম সুকলমে কৰাৰ বাবে এটা সুকীয়া মন্ত্ৰ্যালয় আৰু এটা চৰকাৰী পোৰ্টেলে উত্তৰাখণ্ডত মুকলি কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

    উল্লেখযোগ্য যে, আম আদমী পাৰ্টিয়ে এইবাৰ উত্তৰাণ্ড, পঞ্জাৱ, গোৱা আৰু উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনক বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

    আৰু পঢ়ক : বিজেপি এৰাৰ পাছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ নিৰাপত্তা হ্ৰাস

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং