28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক ৫০ হাজাৰ টকাৰ অনুদান ঘোষণা

    কভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক ৫০ হাজাৰ টকাৰ অনুদান ঘোষণা – দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে কয় যে কৰ’ণা সংক্ৰমণৰ আশংকাৰ মাজত দিল্লীৰ বহুতো পৰিয়াল কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। কৰ’ণাৰ বিৰুদ্ধে এই যুদ্ধত দিল্লী চৰকাৰে তেওঁলোকৰ কাষত থিয় দিছে।

    কেজৰিৱালে লগতে কয় যে তেওঁ চহৰখনত কভিড-১৯ৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক ৫০,০০০ টকাৰ অনুদান প্ৰদান কৰিব।

    মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যদি পৰিয়ালৰ এজন উপাৰ্জনকাৰী সদস্যৰ মৃত্যু হয়, তেন্তে সেই পৰিয়ালক মাহিলী ২৫০০ টকাকৈ সাহায্য আগবঢ়াব।

    তেওঁ কয় যে যিসকল শিশুৰ পিতৃ-মাতৃ কভিড-১৯ৰ ফলত মৃত্যু বৰণ কৰিছিল বা যিসকলে এজন অভিভাৱক হেৰুৱাইছিল তেওঁক ২৫ বছৰ বয়সলৈকে মাহিলী ২৫০০ টকাৰ সাহায্য প্ৰদান কৰা হ’ব। তদুপৰি, চৰকাৰে তেওঁৰ শিক্ষাৰ যত্নও ল’ব।

    তেওঁ লগতে কয় যে এই সকলো ঘোষণা দিল্লী কেবিনেটত গৃহীত হোৱাৰ পিছত কাৰ্যকৰী কৰা হ’ব।

    আনহাতে মুখ্যমন্ত্ৰীয়ে কয় যে চহৰখনৰ সকলো ৭২ লাখ ৰেচন কাৰ্ড ধাৰকক এই মাহত বিনামূলীয়াকৈ ১০ কিলোগ্ৰাম ৰেচন দিয়া হ’ব। ৰেচন কাৰ্ড নথকা লোকসকলোকো বিনামূলীয়া ৰেচন দিব।

    আৰু পঢ়ক :  কভিডৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু : ৰঙিয়াত ক’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং