20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰচাৰ চলাবলৈ অসম নাহে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

    প্ৰচাৰ চলাবলৈ অসম নাহে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

    ২৭ মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিছে আম আদমী পাৰ্টীৰ প্ৰদেশ কমিটিয়ে।

    আম আদমী পাৰ্টীৰ ৰাজ্যিক আহ্বায়ক ভৱেন চৌধুৰীয়ে সম্বোধন কৰা এখন সংবাদমেলত দলটোৱে এইবাৰ নিৰ্বাচন নেখেলে বুলি কয়।

    ৫০টা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে প্ৰস্তুত হৈছিল যদিও সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত লয়।

    ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱাল অসমলৈ আহিব বুলি ওলাই থকা কথাকো নস্যাৎ কৰে ভৱেন চৌধুৰীয়ে।

    তেওঁ কয়, ‘অসমত নিৰ্বাচন চলাবলৈ নাহে অৰবিন্দ কেজৰিৱাল। তেওঁ অসমলৈ প্ৰচাৰ চলাবলৈ আহিলে মন্ত্ৰী হিমন্তই ভৰিৰ তলৰ মাটি হেৰুৱাব’।

    আনহাতে নতুন দলৰ সৈতে আলোচনা হৈছিল যদিও কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে আৰু সেয়ে আগন্তুক নিৰ্বাচনত আপে কোনো দলকে সমৰ্থন নকৰে।

    এই সন্দৰ্ভত কয়, ‘আমি কোনো দলকে সমৰ্থন নকৰো কিন্তু স্থিতি হ’ব কা বিৰোধী। কোনো লোকে অৰ্থাৎ সদস্যই যদি কা বিৰোধী প্ৰাৰ্থীক ভোট দিয়ে তেতিয়া ক’বলৈ নাই’।

    আনহাতে কেন্দ্ৰত অনাগত দিনত আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰিব আৰু তেতিয়া আমি কা বাতিল কৰিম বুলিও আজিৰ এই সংবাদমেলত মন্তব্য কৰে।

    আৰু পঢ়ক : এখন বিদ্যালয়ক লৈ চ’চিয়েল মিডিয়াত অপপ্ৰচাৰত লিপ্ত দুষ্ট চক্ৰ!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং