ঋষভ পণ্টৰ ঠাইত এইগৰাকী বিস্ফোৰক বেটাৰ হ’ব দিল্লী কেপিটেলছৰ অধিনায়ক

0
5216

ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হোৱা ঋষভ পণ্টৰ ঠাইত আগন্তুক আই পি এল ছিজনত দিল্লী কেপিটেলছক কোনে নেতৃত্ব প্ৰদান কৰিব তাক লৈ চিন্তিত হৈ আছিল অনুৰাগী।

কিন্তু এতিয়া অনুৰাগীসকলে লাভ কৰিলে এই প্ৰশ্নৰ উত্তৰ। চলিত ছিজনত দিল্লী কেপিটেলছক নেতৃত্ব দি অষ্ট্ৰেলিয়াৰ বিস্ফোৰক অপেনাৰ বেটাৰ ডেভিড ৱাৰ্নাৰে। এই সন্দৰ্ভত দলীয় মেনেজমেণ্টে আনুষ্ঠানিক ঘোষণা কৰিছে।

আনহাতে দলটোৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে অক্সৰ পেটেলক।

জানিব পৰা মতে, দলৰ প্ৰশিক্ষক ৰিকি পণ্টিং আৰু দল পৰিচালনা সমিতিয়ে এই ছিজনৰ বাবে পণ্টৰ সলনি ৱাৰ্নাৰক দিল্লী কেপিটেলছৰ অধিনায়কত্ব অৰ্পণ কৰিছে।

উল্লেখ্য যে পণ্ট গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল, যাৰ বাবে সম্প্ৰতি তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লগা হৈছে।

চলি আই পি এল ছিজনৰ পৰা আঁতৰি থাকিলেও বৰ্তমান তেওঁ পূৰ্বতকৈ বহু সুস্থ হৈ উঠিছে। তেওঁৰ নিজৰ স্বাস্থ্যৰ সবিশেষ সময়ে সময়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীসকলক জনাই আহিছে।

স্মৰ্তব্য যে, আই পি এলত অধিনায়কত্বৰ অভিজ্ঞতা আছে ৱাৰ্নাৰৰ। ২০১৬ চনত তেওঁৰ নেতৃত্বতে ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এল খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

সেয়ে এতিয়া আই পি এলত ৱাৰ্নাৰৰ অধিনায়কত্বত দিল্লী কেপিটেলছৰ প্ৰদৰ্শন কেনে হয় সেয়া লক্ষ্যণীয় হ’ব। আই পি এলৰ ইতিহাসত দিল্লী কেপিটেলছৰ দলটোৱে এবাৰো খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই।