24 C
Guwahati
Saturday, September 18, 2021
More

    বাবা কা ধাবাৰ কান্তা প্ৰসাদ বাবাৰ আত্মহত্যাৰ চেষ্টা…..হাস্পতালত ভৰ্তি

    বাবা কা ধাবাৰ কান্তা প্ৰসাদ বাবাৰ আত্মহত্যাৰ চেষ্টা…..হাস্পতালত ভৰ্তি

    বিগত বৰ্ষৰ লকডাউনত ছচিয়েল মিডিয়াৰ শক্তিৰে নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা দিল্লীৰ বাবা কা ধাবাৰ মালিক কান্তা প্ৰসাদৰ আত্মহত্যাৰ চেষ্টা। ততাতৈয়াকৈ উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি। বৰ্তমানে দিল্লীৰ ছফদৰ্জং হাস্পতালত চিকিৎসাধীন।

    সুৰাৰ সৈতে টোপনি অহা ঔষধ খাই আত্মহত্যাৰ চেষ্টা বাবাৰ। বৃহস্পতিবাৰে নিশা প্ৰায় ২ মান বজাত এই ঘটনা সংঘটি কৰে বুলি জানিব পৰা গৈছে। বৰ্তমানে সংকটৰ পৰা মুক্ত বুলি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই।

    দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি নিশা ২ মান বজাত ৮০ বৰ্ষীয় বাবাই সুৰা পান কৰি একেলগে টোপনি যোৱা ঔষধো খাই দিছিল। পিছে পুত্ৰই কোনোমতে উদ্ধাৰ কৰি নিশাই ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায়।

    উল্লেখ্য যে, বাবাৰ দিল্লীত এখন সাাধাৰণ খাদ্যৰ দোকান আছিল, পিছে ২০২০ চনত লকডাউনৰ সময়ত খাবলৈ নোপোৱাৰ অৱস্থা হৈ পৰিছিল বাবাৰ। সেই সময়তে ফুড ব্লগাৰ গৌৰৱ নামৰ যুৱকৰ এক ভিডিঅৰ জৰিয়তে অতিকে জনপ্ৰিয় হৈ পৰিছিল বাবা।

    কিন্তু সেই বাবাই টকাৰ মোহত পৰি পিছত গৌৰৱৰ বিৰুদ্ধেই টকা খোৱাৰ অভিযোগ আনিছিল , যাৰ বাবে মানুহ বাবাৰ তাত খাদ্য খাবলৈ যাবলৈ বন্ধ কৰি দিছিল। পিছত এইবাৰ পুনৰ লকডাউন দিয়াত আগৰ অৱস্থা আহি পৰাত গৌৰৱক ক্ষমা খোজে বাবাই।

    পিছে বিগত বৰ্ষৰ কথা নাপাহৰা লোকে এইবাৰ বাবা তাত পুনৰ খাবলৈ যাবলৈ অপৰাগ হৈছিল। অৱশ্যে বাবা আৰু গৌৰৱৰ মাজৰ সকলো মতানৈক্য দূৰ হৈছিল।

    আৰু পঢ়ক : কি হ’ব ৭ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যত, আজি হ’ব চূড়ান্ত সিদ্ধান্ত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং